দিখৌ নৈৰ পাৰতে…

দিখৌ নৈৰ পাৰতে…

author-image
asomiyapratidin
New Update
দিখৌ নৈৰ পাৰতে…

দিখৌ নৈৰ পাৰত আজি ভীষণ ব্যস্ততা। আজিও নাহিল একো খবৰ। বৈ আছে দিখৌৰ পানী, পাৰত ৰৈ আছে মানুহ। কিজানিবা আহেই সেই পৰিয়ালটোৰ খবৰ। এতিয়া সকলোৱে বাট চাইছে দিখৌলৈ। ক'ত লুকুৱাই থৈছে দিখৌৱে এই পৰিয়ালটো। দিখৌৱে লোৱা নাছিল কাৰোৱে জীৱন, দিখৌৱে দিছিল জীৱিকা। সেই দিখৌৰ বিষয়ে এই লেখা।
Advertisment

► মৃদুল কুমাৰ সন্দিকৈ 

দিখৌ নৈৰ পাৰত আজি উচুপনি। যোৱা ৪দিন ধৰি উচুপি আছে বহু মানুহ। দিখৌৰ বুকুত উজাইছে-ভটিয়াইছে বহু নাও। বিচাৰি ফুৰা পৰিয়ালটোৰ সন্ধান, পৰিয়ালটো উঠি অহা গাড়ীখন কেনেকৈ ক'ত হেৰাই গ'ল তাৰ উত্তৰ কাৰো ওচৰতেই নাই। অত্যাধুনিক মেচিন আৰু তথ্য-প্ৰযুক্তিৰ সহায়ত নৌ সেনাৰ উদ্ধাৰকাৰী দলৰ মেচিন নাৱৰ শব্দত যেন পানীবোৰ নাচিছিল।

ঢৌ ফালি আগবঢ়া নাওবোৰ ৰৈ গ'লেই মানুহবোৰে উৎকণ্ঠিত হৈ ইজনে সিজনৰ চকুৰ ফালে চাইছিল, আহেই কিজানি কিবা খবৰ। ৪ ছেপ্টেম্বৰ, ২০১৮, মঙলবাৰ। চাৰিদিনৰ আগতে সেই দিখৌৰ পানীয়ে দুৰ্ভাগ্যবশত সাৱতি লৈছিল এটা পৰিয়াল আৰু এখন গাড়ী। এনেকুৱাটো নাছিল কেতিয়াও দিখৌ। দিখৌৱে দিছিল জীৱিকা, কেতিয়াও লোৱা নাছিল প্ৰাণ…।

এই দিখৌ আজি বাতৰিৰ শিৰোনামত। এই দিখৌ আছিল এদিন যৌৱনৰ প্ৰতীক। মৰমৰ সৈতে তুলনা হৈছিল দিখৌ। সেয়াই আছিল দিখৌৰ প্ৰতি মানুহৰ আন্তৰিকতা। দিখৌ নৈৰ এৰিব নোৱাৰো

জাজী নৈ এৰিব নোৱাৰো

মৰম মই এৰিব নোৱাৰো

মৰিবও নোৱাৰো, নোৱাৰো…

এই জনপ্ৰিয় বিহুগীতৰ কলিয়ে কৈ যায় দিখৌৰ কথা। একোৱেই এৰিব নোৱাৰে, মৰিব নোৱাৰে, মৰমক আওকাণ কৰিব নোৱাৰে আৰু মৰমৰ দিখৌ নৈখন এৰাৰ কথা ভাবিবই নোৱাৰে। সেইখন দিখৌৰ পাৰতে ৰৈ এতিয়া অজস্ৰ মানুহে হাতযোৰ কৰি অশ্ৰুসিক্ত নয়নেৰে নেদেখাজনক প্ৰাৰ্থনা জনাইছে। এয়া হয়তো নিজকে দিয়া সান্তনা। দিখৌৰ প্ৰতি বিশ্বাস। মৰমৰ দিখৌখন কেতিয়াও উৎশৃংখল হ'ব নোৱাৰে। শান্ত-সৌম্য গতিত বৈ থকা দিখৌ বৈ আছে বহুতৰে হৃদয়ত।

দিখৌৰ আছে বিশেষ চৰিত্ৰ। বাৰিষা এই দিখৌৰ বুকুতে কতজনে কৰিছিল জলকেলি। কতজনে দিখৌৰ বুকুতে ডুব দি আৰম্ভ কৰিছিল নতুন দিনৰ যাত্ৰা। ভৰ বাৰিষাৰ দিখৌৱেদি উটি আহিছিল জাগা কাঠ। সেইবোৰ ধৰিবলৈ মানুহ জপিয়াই পৰিছিল দিখৌৰ বুকুত। তেতিয়াতো দিখৌৱে লোৱা নাছিল কাকো সামৰি। দিখৌৰ পাৰে পাৰে অনেক লোকৰ বসতি। দিখৌত জাল মেলি ধৰা মাছেই তেওঁলোকৰ জীৱন নিৰ্বাহৰ পথ, জীৱিকাৰ উৎস। পৰিচিত এই দিখৌৰ মাছ যি এবাৰ খাইছে, জিভাত সেই মিঠা স্বাদ আজীৱন ৰৈ গৈছে।

দিখৌৰ আছে নিজৰ চৰিত্ৰ। আন নৈবোৰৰ দৰে নহয় দিখৌ। ওপৰত শান্ত যেন দেখিলেও ভিতৰি দিখৌৰ পানী অশান্ত। প্ৰতি ছেকেণ্ডত বাৰিষা ৪.৩০ মিটাৰ বেগত দিখৌৰ পানী বয়। এইবোৰ কোনো বিশেষজ্ঞৰ কথা নহয়। দিখৌৰ পাৰত থকা, চিনাকি দিখৌক বুজা মানুহৰ অভিজ্ঞতাৰ তথ্য। সেই হিচাপত প্ৰতি মিনিটত ২৫৬ মিটাৰ বেগত দিখৌৰ পানী আতৰি যায় ব্ৰহ্মপুত্ৰৰ দিশে। অৰ্থাৎ প্ৰতিঘণ্টাত ১৫-১৬ কিঃমিঃ বেগত দিখৌৰ পানী বৈ যায়।

সেইদিনা আছিল বৰষুণ। দিখৌৰ ঘোলাপানীত হেৰাই গৈছিল হৰেণ বৰা নামৰ লোকজন আৰু তেওঁৰ পৰিয়ালৰ ৪ সদস্য। ছুইফট ডিজায়াৰখনৰ পৰা তেওঁলোক নমাৰ কোনো সুযোগেই নাপালে। দিছিয়ালৰ দিখৌ পাৰৰ মথাউৰিৰ পৰা দুৰ্ভাগ্যক্ৰমে নৈত পৰা এই পৰিয়ালটো ক'ত, ক'ত এই গাড়ীখন? তাৰ উত্তৰ বিচাৰিয়েই চলিছে অভিযান।

যদি ঘণ্টাত ১৫-১৬ কিঃমিঃ বেগত দিখৌৰ পানী বয়, তেন্তে সেই বাহনখন দিখৌৰ পানীৰ হেঁচাই ক'লৈ লৈ গ'ল? দিখৌৰ বুকুত নাই নেকি সেই অভিশপ্ত গাড়ীখন আৰু ভিতৰৰ পৰিয়ালটোৰ ৫ সদস্য? দিখৌৰ পৰা ব্ৰহ্মপুত্ৰলৈও বেছি দূৰ নহয়। ১২-১৪ কিঃমিঃ দিখৌৰ পানী বৈ গৈ পৰেগৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত। সেই পানীৰ সৈতে ব্ৰহ্মপুত্ৰ পালেগৈ নেকি গাড়ীখন আৰু তাৰ ভিতৰত থকা পৰিয়ালটো? এইবোৰ প্ৰশ্নতো অমূলক নহয়।

প্ৰকৃতিৰ অতুলনীয় দান দিখৌ। যোগীনি তন্ত্ৰত উল্লেখ থকা মতে, কামৰূপ ভূখণ্ডৰ পূবত আছিল তীৰ্থ শ্ৰেষ্ঠ নদী দীক্ষু। 'দিখৌ আৰু দিচাং, দুখন নৈৰ আত্মগাথা' শীৰ্ষক এখন গ্ৰন্থত তুলিকা চেতিয়া য়েইনে লিখিছে- দিখৌ শব্দটো বড়োসকলৰ অৱদান। বড়ো ভাষাত এই দিখৌ নৈৰ অৰ্থ হ'ল 'দি' মানে পানী, 'খৌ' মানে দ। দিখৌ নৈৰ এই নামেই নদীখনৰ এক চৰিত্ৰৰ কথা কয়। আন নদীৰ দৰে তৰাং নহয় এই নদীৰ বুকু। ঠায়ে ঠায়ে ৪০-৫০ ফুটলৈকে দ' দিখৌ নৈৰ বক্ষ। আন নৈৰ তুলনাত এই নৈ যথেষ্ট গভীৰ। সেয়েহে দিখৌ দেখিলে শান্ত যেন লাগিলেও, ভিতৰি প্ৰচণ্ড সোত। সেই কথা দিখৌপৰীয়া ৰাইজে জানে।

নগা পৰ্বতৰ চেমা অঞ্চলৰ ২৬৫' উত্তৰ অক্ষাংশ আৰু ৯৪৩৩' পূব দ্ৰাঘিমাত উৎপত্তি হৈছে এই নদী। টপ'গ্ৰাফিকেল অধ্যয়নৰ মতে দিখৌৰ মূল সুতিটোৰ উৎস হ'ল ম্যানমাৰৰ টেনাচৰিম পাৰ্বত্য অঞ্চল। উৎস ভূমিত দিখৌ নৈৰ নাম 'লংডা'। উৎপত্তিৰ স্থল নগালেণ্ডৰ জুনহবেত জিলাৰ মামী। ১৮২৩ মিটাৰ উচ্চতাৰ পৰা এই নদী বৈ আহিছে। ২০ কিলোমিটাৰ লংডা নদীখন আহিছে আৰু তাতেই সংযোগ হৈছে এখন উপনৈ। তাৰপাছত ৩৫ কিলোমিটাৰ গভীৰ গিৰিখাদৰে বৈ গৈছে এই নৈ। সেই ৩৫ কিলোমিটাৰ ওপৰৰ অংশক জনা যায় 'তেজাল' আৰু তলৰ অংশৰ নাম 'নাগ'।

সেই গতি পথতেই দিখৌ সংগ দিছে 'য়াংমুন' নামৰ এখন নদীয়ে। তাৰপৰা উত্তৰ দিশে 'হোৱেনচাং' আৰু মন সীমান্তইদি ১৮ কিলোমিটাৰ বৈ আহিছে এইখন নদী। নাগিনীমাৰা সেই নদীৰ সৈতে মিলিছে চেটাপ নৈ। তাৰেই পৰা আচলতে আৰম্ভ দিখৌ নামৰ নৈখন। ইয়াৰ পৰা ১ কিলোমিটাৰ আহিয়েই ঐতিহাসিক লক্ষ্মীজানৰ সমীপত আজিও আছে এটা বৰশিল। জনবিশ্বাস মতে, সেই বৰশিলত বহিয়েই বৰশী বাইছিল গদাধৰ সিংঙই। এই সন্দৰ্ভত বৰ্ণনা আছে তুলিকা চেতিয়া য়েইনৰ 'দিখৌ আৰু দিচাং…' শীৰ্ষক গ্ৰন্থত।

দিখৌ বহু ইতিহাসৰ সাক্ষী। এই দিখৌ নৈৰ ওপৰতে ১৯৩৪-৩৫চনত এজন ব্ৰিটিছ অভিযন্তাই নিৰ্মাণ কৰিছিল এখন বিশেষ দলং। আমগুৰি ঘাটত নিৰ্মাণ কৰা এই দলংখনৰ মাজভাগ প্ৰয়োজন অনুসৰি কপিকলৰ সহায়ত ওপৰলৈ দাঙি দিব পাৰিছিল। তাৰ তলেৰে পাৰ হৈ গৈছিল কোম্পানীৰ জাহাজ। সেই কথা বিহু গীতত উল্লেখ আছে-

দিখৌত গুমেগুমাল      কোম্পানীৰ জাহাজ ঐ

ঢেকীত গুমে গুমাল বৰা

গাতে জুই জ্বলিছে      সৰিয়হ ফুটিছে

তোমাক দেখিবৰে পৰা…
এই ব্ৰিটিছ অভিযন্তাজনৰ নাম আছিল এইচ জি ফ'কালছ। শিৱসাগৰৰ পৰা ৫ কিলোমিটাৰ ভতিয়াই দিখৌ নৈয়ে ৩৭নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিছে। দিখৌৰ মাটি পলসুৱা। আৰু দিখৌৰ পাৰত আছে শস্যৰ সেউজীয়া উপত্যকা। দিখৌৰ পানী এই অঞ্চলটোৰ কৃষিকাৰ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়। দিখৌ নৈখন দৈৰ্ঘ্য ২০০ কিলোমিটাৰ আৰু ইয়াৰ অৱবাহিকাই আগুৰি আছে ৪,৩৭২ বৰ্গ কিলোমিটাৰ। এই নদীয়েদি বৈ যোৱা পানীৰ সৰ্বোচ্চ পৰিমাণ প্ৰতি ছেকেণ্ডত ৯০০ ঘনমিটাৰ।

এই দিখৌ নৈৰ গভীৰতাত প্ৰচণ্ড সোতৰ মাজতে কেতিয়াবা পকনীয়াও উঠে। সেইবোৰ চৰিত্ৰৰ কথা দিখৌৰ পাৰত বাস কৰা লোকসকলে জানে। পূৰ্বৰ সেই দিখৌ নৈৰ পাৰৰ পৰিৱেশ হয়তো আজি নাই। কিন্তু আছে সেই নদীৰ স্বাক্ষৰ আৰু চৰিত্ৰ বহন কৰি বৈ থকা দিখৌ। সেই দিখৌৰ পাৰতেই কহুৱাই বিনায়। অনিমা চৌধুৰীৰ কণ্ঠৰ সেই জনপ্ৰিয় গীতত ধৰি ৰখা আছে দিখৌৰ পুৰণি দিনবোৰ-

দিখৌ নৈৰ পাৰৰে

কহুৱাই বিনায়

নাই আজি সেইদিন নাই

আজলি অসমেই সকলো হৰিলে

এদেও দুদেও চেগ পাই

দিখৌক লৈ যে কিমান আবেগ। অসমৰ সাম্প্ৰতিক পৰিৱেশ বৰ্ণনা কৰিবলৈকেও দিখৌৱেই যেন যথেষ্ট। এই গীততে আছে- 'শৰাইঘাটত মোমায়ে টোপনিয়াই, লাচিতৰে উমঘাম নাই।'

এয়াই দিখৌক লৈ আৱেগ। পৰিচিত এই দিখৌখনৰ কথা বহুতেই নাজানে। সেই দিখৌৰ পাৰতে আজি মানুহবোৰে ৰৈ উচুপিছে। দিখৌক সুধিছে- ক'ত আছে সেই পৰিয়াল?

উদ্ধাৰ অভিযান চলিছে। কিন্তু যিসকলে উদ্ধাৰ অভিযানত নামিছে, সেইসকলে দিখৌক কিমান বুজে? দিখৌক কিমান জানে? আন নৈৰ দৰেতো নহয় দিখৌ। দিখৌ শান্ত কিন্তু ইয়াৰ চৰিত্ৰ বিচিত্ৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই উদ্ধাৰ অভিযান চলাবলৈ এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল আহিছিল। বৰষুণ, নিশাৰ অন্ধকাৰ তেওঁলোকৰ বাবে আছিল প্ৰত্যাহ্বান।

কিন্তু তাতোকৈ ডাঙৰ কথাটো আছিল তেওঁলোকে উদ্ধাৰ অভিযানত লৈ অহা নাও কেইখনেই সেইদিনা ষ্টাৰ্ট কৰিব পৰা নাছিল। এয়াই উদ্ধাৰ অভিযানৰ নামত প্ৰহসন। দিখৌৰ নিলগতে আছে অ' এন জি চি। সাগৰৰ পৰা তেল নিষ্কাষণ কৰিব পৰাকৈ তেওঁলোক তথ্য-প্ৰযুক্তিৰে আগবঢ়া। তাত থকা বিশেষজ্ঞসকলৰ পৰা কিবা সহায়-সহযোগ লোৱা হৈছিলনে? এয়াও এক ডাঙৰ প্ৰশ্ন।

আজি দিখৌৰ পাৰত বন্দনা চলা নাই। সদায় দিখৌৰ পাৰত চলিছিল প্ৰেম আৰু যৌৱনৰ কথা। এই দিখৌৰ পাৰতেই হয় জীৱন সংগ্ৰামৰ আখৰা। দিখৌৰ কাষতে থকা মথাউৰিবোৰেৰে অহা-যোৱা কৰে কত মানুহ। বাৰিষা সেইবোৰ বোকাপানীৰে ভৰি পৰে। মথাউৰিবোৰ নিৰ্মাণ কৰাহে হ'ল। পৰৱৰ্তী সময়ত সেইবোৰ পুনৰ নিৰ্মাণ বা উন্নতকৰণৰ প্ৰতি দৃষ্টি দিবলৈ কাৰোৰেই সময় নহ'ল। দিখৌৱে কাকো আমনি নকৰে।

আন নৈৰ দৰে দিখৌ নৈয়ে ৰাতিৰ ভিতৰতে প্ৰলয়ংকাৰী ৰূপ নলয়। গহীন-গম্ভীৰ এই নৈৰ চৰিত্ৰ। মানুহক সহবাসৰ সুবিধা দিয়াৰ লগতে কাষৰ কৃষিভূমিত অযুত সেউজীয়াৰ সম্ভাৱনাৰ বীজ সিচি দিয়ে এই দিখৌৰ পানীয়ে। দিখৌ এক বিশ্বাসৰ প্ৰতীক। এই নৈয়ে কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰে। সেই বিশ্বাসকে সম্বল কৰি লৈ দিখৌৰ পাৰত ৰৈ থকা মানুহবোৰে মনে-প্ৰাণে বিশ্বাস কৰি আছে- দিখৌৰ বুকুতে ওলাব সেই পৰিয়াল। দিখৌই কেতিয়াও কাকোৱে দুখ নিদিয়ে। সেইবাবেইতো দিখৌ আপোন, দিখৌ বহুতৰে সপোন।