ডিজিটেল সংবাদ,চিৰাং: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চল তথা সদ্য ঘোষিত "চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান" ত বনবিভাগৰ অকৰ্মণ্যতাৰ সুযোগ কৰি একাংশ লোকৰ দ্বাৰা বনধ্বংস কৰা কাৰ্য্যৰ ভয়ংকৰ ছবি পোহৰলৈ অহাৰ পিছত বনবিভাগৰ লগতে বিটিচি প্ৰশাসনৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
যিখন ছবিয়ে উদঙাই দিছে বিটিচিৰ বনবিভাগ তথা বনবিভাগৰ দায়িত্বত থকা কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ধ্বংসমুখী বনাঞ্চল ৰক্ষাৰ নামত কাৰ্য্যপন্থা । দৰাচলতে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বন্যপ্ৰাণীৰ বিচৰণস্থলী চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলক বনধ্বংসকাৰী আৰু অবৈধ বেদখলকাৰী সকলৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উক্ত সংৰক্ষিত বনাঞ্চলক চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল।
কোকৰাঝাৰ জিলাৰ হল্টুগাঁও বনসংমণ্ডলৰ হল্টুগাঁও, ঝাৰবাৰী আৰু চিৰাং বনসংমণ্ডল ৰুণীখাতা ৰেঞ্জৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চল মুঠ ৩৯১ বৰ্গকিলোমিটাৰ সাঙুৰি লৈ গঠন কৰা চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ নাম ঘোষণা কৰিয়ে দায়িত্ব সামৰিছিল ৰাজ্য চৰকাৰ খনে। পৰৱৰ্তী সময়ত নৱগঠিত ৰাষ্ট্ৰীয় উদ্যান খনৰ সুৰক্ষাৰ বাবে কোনো ধৰনৰ চৰকাৰী জাননী প্ৰকাশ নকৰাত আৰু বনবিভাগৰ কিছু নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনত বনধ্বংস কাৰ্য্য চলি আছিলে।
ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছত ভবা হৈছিল যে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চল এইবাৰ ৰক্ষা পৰিব । কিন্তু দুৰ্ভাগ্যজনক কথা যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হোৱাৰ পিছত চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যান খনৰ সুৰক্ষাৰ ক্ষেত্ৰত যিসমূহ নিৰ্দেশনা জাৰি কৰিব লাগিছিল সেয়া নকৰাৰ ফলত বনবিভাগৰ পৰা যথোপযুক্ত ব্যবস্থা নকৰাৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে নতুন নতুন এলেকাত একাংশ বনধ্বংসকাৰী লোকে গছ গছনি কাটি বনধ্বংস কৰি খেতিবাতিলৈ ৰূপান্তৰিত কৰা কাৰ্য্য অব্যাহত ৰাখিছে।
ফলত সংকুচিত হৈ অহা উক্ত বনাঞ্চলৰ বনৰীয়া হাতীৰ জাকে খাদ্যৰ অভাৱত জনাঞ্চলত প্ৰৱেশ কৰাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে । হস্তী - মানৱৰ এই সংঘাতৰ ফলত কেতিয়াবা মানুহ আকৌ কেতিয়াবা বনৰীয়া হাতী মৃত্যুমুখত পৰাৰ দৰে ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে । অবাধ বনধ্বংস আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াবোৰ চলি থকা দেখি প্ৰকৃতিপ্ৰেমী সংগঠন তথা প্ৰকৃতিপ্ৰেমী ৰাইজে বনবিভাগৰ লোকক এইক্ষেত্ৰত কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই আহিছে।
কিন্তু বিভিন্ন কাৰণত বনবিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি কালিৰ দিনটোত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাত এদল পুৰুষ মহিলা, যুৱক যুৱতীৰ দলে হিলদল ভাঙি সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি অবাধে মূল্যবান গছ গছনি কাটি তম্বু সাজি আছে খেতিলৈ ৰূপান্তৰিত কৰাৰ ভিডিও সামাজিক মাধ্যমত ভাইৰাল হৈ পৰে। ভিডিও সম্প্ৰতি বিটিচি প্ৰশাসনৰ ভিতৰচৰাত জোকাৰণিৰ সৃষ্টি কৰিছে ।
এতিয়া সহজতে প্ৰশ্ন উত্থাপন হৈছে ৰাজ্য চৰকাৰৰ দ্বাৰা উক্ত সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হোৱাৰ পিছতো বনবিভাগৰ অগোচৰেই একাংশই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি গছ গছনি কাটি বনধ্বংসৰ সাহস পালে ! এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী ৰাইজৰ অভিযোগ একাংশ ভূ-মাফিয়াই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সাধাৰণ দুখীয়া দৰিদ্ৰ লোকক বনধ্বংসৰ কাৰ্য্যত লিপ্ত কৰে কাৰণ ইয়াৰ আগতেও এনেধৰণৰ তথ্য পোহৰলৈ আহিছিল ।
উল্লেখ্য যে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টিতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হোৱাৰ পিছতো এইদৰে বনধ্বংস কৰা কাৰ্য্যৰ ঘটনা পোহৰলৈ অহাৰ পিছত প্ৰকৃতিপ্ৰেমী সকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।ভবিষ্যত প্ৰজন্মৰ কথা লক্ষ্য ৰাখি সেউজী বনধ্বংস কাৰ্য্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি এই ৰাষ্ট্ৰীয় উদ্যান খনক ৰক্ষা কৰিবলৈ বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী লগতে বনবিভাগক আহ্বান জনাই প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন "অৰণ" ৰ সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰীয়ে ।
তেখেতে আৰু কয় যে সদ্য ঘোষিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান খনক ৰক্ষা কৰিবলৈ ৰাজনৈতিক স্বাৰ্থ পৰিহাৰ কৰি প্ৰমোদ বড়োৰ লগতে বিৰোধী দলৰ নেতা হাগ্ৰামা মহিলাৰীকো বনাঞ্চলত বেদখল কৰা লোক সকলক উচ্ছেদ কৰা কাৰ্য্যত সহযোগ কৰিবলৈ আহ্বান জনায়।আনপিনে কালিৰ বনধ্বংস যি ভিডিও সামাজিক মাধ্যমত ভাইৰাল হৈছে সেই ভিডিও সন্দৰ্ভত চিৰাং বনসংমণ্ডল বিষয়া কুঞ্জ বসুমতাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত কিছু দায়সৰা মন্তব্য কৰা পৰিলক্ষিত হয়।
তেখেতৰ মতে যিটো বনধ্বংসৰ ভিডিও বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈছে সেই ভিডিওটো হেনো চিৰাং বনসংমণ্ডল এলেকাত নপৰে, যিখিনি ঠাইত বনধ্বংস কাৰ্য্যৰ ভিডিও ভাইৰেল হৈছে সেয়া কোকৰাঝাৰ জিলাৰ হল্টুগাঁও বনসংমণ্ডল এলেকাৰ বুলি দাবী কৰি দায় সৰা মন্তব্য কৰে। আনপিনে চিৰাং বনসংমণ্ডলৰ ৰুণীখাতা ৰেঞ্জ এলেকাত এতিয়াও বনধ্বংস আৰু বনাঞ্চলৰ ভূমি বেদখল কৰাৰ কথা স্বীকাৰ কৰে ।
উক্ত বেদখল কাৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিদিষ্ট এলেকাত বনবিভাগৰ পৰা শিবিৰ স্থাপন কৰি পহৰাৰ ব্যবস্থা কৰা হৈছে সামান্তৰাল ভাবে চিৰাং বনবিভাগৰ পৰা মাজে সময়ে অভিযান চলাই উচ্ছেদ চলাই থকাৰ কথা দাবী কৰে। এই সমগ্ৰ ঘটনা পৰিঘটনাৰ মাজতে ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ধ্বংসমুখী সংৰক্ষিত বনাঞ্চলক সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে এক প্ৰশসংনীয় পদক্ষেপ হিচাপে "চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান" হিচাপে কেৱল ঘোষণাতেই সীমাবদ্ধ নাৰাখি প্ৰকৃতাৰ্থত উক্ত বনাঞ্চলৰ বন্যপ্ৰাণী সকলৰ বাসস্থান এই বনাঞ্চলক ধ্বংসৰ গৰাহত যোৱাৰ পৰা ৰক্ষা কৰিবলৈ অতি সোনকালে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ উপৰি সৰ্বসাধাৰণে চৰকাৰক আহ্বান জনায় ।