প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত আজি সর্বদলীয় বৈঠক

বুধবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধিৱেশনৰ সভাপতিত্ব কৰিব বুলি দলটোৱে আশা কৰিছে। তেওঁ নিশ্চিত কৰে যে দলৰ হৈ লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে উপস্থিত থাকিব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
adeewe

ডিজিটেল ডেস্কঃ  বুধবাৰে চলোৱা অপাৰেচন সিন্দুৰ তথা পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আজি ৮ মে’ত কেন্দ্ৰই সংসদ ভৱনত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বুধবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বৈঠক ঘোষণা কৰি এক্সত উল্লেখ কৰে যে এই বৈঠক ২০২৫ চনৰ ৮ মে’ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ সংসদ কমপ্লেক্সৰ সংসদ পুথিভঁৰাল ভৱনৰ কমিটী কক্ষ জি-০৭৪ত অনুষ্ঠিত হ’ব।

Advertisment

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকৰ অধ্যক্ষতা কৰাৰ সম্ভাৱনা আছে। বুধবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধিৱেশনৰ সভাপতিত্ব কৰিব বুলি দলটোৱে আশা কৰিছে।

তেওঁ নিশ্চিত কৰে যে দলৰ হৈ লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে উপস্থিত থাকিব।

ৰমেশে কয় যে, "পেহেলগাম আক্ৰমণৰ পিছত আমি সৰ্বদলীয় বৈঠকৰ দাবী জনাইছিলো। যদিও চৰকাৰে ২৪ এপ্ৰিলত এখন বৈঠক অনুষ্ঠিত কৰিছিল, তথাপিও প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত আমি হতাশ হৈছিলো। সাহসী আৰু নিৰ্ণায়ক অপাৰেচন সিন্দুৰৰ পিছত, আমি আশা কৰিছো যে প্ৰধানমন্ত্ৰীয়ে ব্রিফিঙৰ নেতৃত্ব দিব।"

সৰ্বদলীয় বৈঠক