/asomiyapratidin/media/media_files/2025/10/06/ujjjd-2025-10-06-22-45-44.jpg)
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰদৰ্শন কৰা কন্ঠশিল্পী দিপলীনা দাসৰ হঠাতে ৰাজনীতি বেয়া লগা হ'ল। শেহতীয়া পৰিৱেশ পৰিস্থিতি দেখি অতি ক্ষোভেৰে কন্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত লিখিলে ৰাজনীতিৰ পৰিৱেশক লৈ হতাশ হোৱা কথা।
দিপলীনা ডেকাই সামাজিক মাধ্যমত লিখিছে- এটা সময় আছিল, কৈছিলো, সদায়, ৰাজনীতি ভাল পাওঁ, ভাল লাগে। আজি অতি দুখ মনেৰে, খুব লাজ পায় কৈছো, নাই, নালাগে, অতি বেয়া এই ক্ষেত্ৰ খন! সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা! এজন নহয়, দুজন নহয়, প্ৰায় প্ৰতিজনেই এতিয়া কেৱল তৰল ৰাজনীতিত নামিছে।
তেওঁ লগতে লিখিছে- কি দল, কোন নেতা, কোন দলৰ সভাপতি, প্ৰায় সকলোৱে, কোনো বাকী নাই। জুবিন দাৰ মৃত্যুৰ সুযোগ প্ৰায় সকলোৱে লৈছে যেন অনুভৱ কৰিছো। আমি সকলোবোৰ জানো, বুজো, কিন্তু কি কম, কাক কম, শুনিবনে, বুজিবনে? আমি নতুন প্ৰজন্ম। Productive আৰু Progressive Politics বিচাৰো, আমাৰ কাৰণে, দেশৰ কাৰণে, ভৱিষ্যতৰ কাৰণে। কিবা এটা বৰ অসহায় লাগিছে। অসম ভূমিক ৰক্ষা কৰক প্ৰভূ!
উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ শাসক-বিৰোধীৰ উভয় নেতাৰ কাৰ্য-কলাপ দেখি এনেদৰে অতিষ্ঠ হৈ পৰিছে কন্ঠশিল্পীগৰাকীয়ে। সোমবাৰৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এনে ৰাজনীতিক লৈ কঠোৰ কটাক্ষ কৰিছিল বিৰোধীক।