/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-24-13-39-42.jpeg)
ডিজিটেল ডেস্কঃ দীপক দৰ্জীক নিশ্চয় আপোনাৰ মনত আছে! মাকুমৰ দৰ্জী দীপক দাসে বিগত ২৬ বছৰ ধৰি বিনা পাৰিশ্ৰমিকৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰি আহিছে। ডিগবৈ ৰোডৰ পুলিচ পইণ্টত দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ তেওঁ যান-বাহন নিয়ন্ত্ৰণত সহায় কৰে।
পেচাত দৰ্জী হিচাপে দিনটোত ২০০-৫০০ টকা উপাৰ্জন কৰা দীপকে সংসাৰৰ দায়িত্ব সামৰি সমাজসেৱাকো আগবঢ়াই লৈ গৈছে। খাকী পোচাক পিন্ধি তেওঁ আৰক্ষীক সহায় কৰে যদিও তেওঁ কোনো গৃহৰক্ষী জোৱান নহয়। ৫৮ বছৰ বয়সতো তেওঁৰ উৎসাহ কমা নাই। কোনো স্বীকৃতি নোখোজাকৈ ৰাইজৰ সুকলম যাতায়তৰ বাবেই তেওঁ এই কাম কৰি সুখ পায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-202-2026-02-24-13-33-48.jpeg)
এই দীপক দৰ্জী সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত বিগত ২৯ জানুৱাৰীত প্ৰকাশ পাইছিল বিশেষ লিখা। এই বিশেষ লেখাৰ পাছতে দীপক দৰ্জীক লৈ হৈছিল চৰ্চা। ইয়াৰ পাছতে ২২ ফেব্ৰুৱাৰীত তিনিচুকীয়াৰ এছপি ময়ং কুমাৰে দীপক দৰ্জীক জনাই সম্বৰ্ধনা। ২৬ বছৰ ধৰি বিনা পাৰিশ্ৰমিকৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰি অহা দীপক দৰ্জীক আৰক্ষী বিভাগৰ পৰা সম্বৰ্ধনা লাভ কৰি স্বাভাৱিকতে আনন্দিত হোৱা দেখা যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us