/asomiyapratidin/media/media_files/2026/01/24/692-2026-01-24-08-21-31.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি দলৰ চৰকাৰখন প্ৰকৃততে খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতি দায়বদ্ধ চৰকাৰ নহয় । এই দলৰ চৰকাৰে বন্যপ্ৰাণীৰ জীৱন সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ব্যয়বহুল আঁচনি ঘোষণা কৰে । অথচ যুগ যুগ ধৰি নাৰ্য প্ৰাপ্য অধিকাৰ বিচাৰি গণতান্ত্ৰিক সংগ্ৰাম কৰি অহা থলুৱা ভূমিপুত্ৰ সকলৰ সংবিধান প্ৰদত্ত অধিকাৰ অনাদি অনন্ত কাললৈ সুৰক্ষিত কৰাৰ কোনো কৰ্ম আঁচনি গ্ৰহনত গুৰুত্ব নাই ।
এই গুৰুতৰ অভিযোগ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্য কঁপুৱা গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখা চুতীয়া যুৱ সন্মিলন অসম চমুকৈ "চাইছা"ৰ। যুৱ সন্মিলনৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই শুক্ৰবাৰে "অসমীয়া প্ৰতিদিন ডিজিটেল"ক ৰাজ্যখনৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শাসক যন্ত্ৰই প্ৰদৰ্শন কৰা চূড়ান্ত দায়িত্বহীন আৰু বেপৰোৱা আচৰণৰ বিৰুদ্ধে সোচ্চাৰ হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ বাঘজৰী হাতত লৈ বিজেপি দলৰ চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ ৬টা জনগোষ্ঠীৰ দীর্ঘদিনীয়া দাবী জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰতি পাভলুটি মৰা বুলি কয় । চুতীয়াই ক্ষোভ উজাৰি কয় " ২০১৪ চনত নৰেন্দ্ৰ মোদী অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি বঙাইগাঁওৰ ৰাজহুৱা সভাত ডিঙিৰ শিৰ ফুলাই ঘোষণা কৰিছিল যে বিজেপি শাসনলৈ আহিলে ১০০ দিনৰ ভিতৰতে ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব ।" কিন্তু এই বিজেপি দলৰ চৰকাৰৰ আজি ১২ বছৰ উকলিল ।
৬জনগোষ্ঠীৰ জনগণৰ জনজাতিকৰণৰ সপোন বাস্তৱায়িত নহল। গেৰুৱা দলৰ নিৰ্বাচনী ইস্তাহাৰতে লুকাই সোমাই থাকিল নৰেন্দ্ৰ মোদীৰ এই ঘোষণা । অসমৰ খিলঞ্জীয়া আৰু থলুৱাৰ জাতি মাটি ভেঁটি সুৰক্ষাৰ শ্লোগান দি দিল্লীৰ গাদীত বহা সাংসদ সকলেও এইক্ষেত্ৰত মুকবধিৰৰ ভূমিকা পালিলে। যাৰ পৰিণতিত চূড়ান্ত ভাবে প্ৰতাড়িত প্ৰবঞ্চিত হল ৬ ভূমিপুত্ৰ জনগোষ্ঠীয় ৰাইজ । গেৰুৱা চৰকাৰৰ দায়িত্বহীনতাৰ বাবেই এক অনিশ্চিত ভৱিষ্যতৰ দিশে নিক্ষেপিত হল ৰাজ্যখনৰ জনগোষ্ঠীসমূহ।
এই সমূহ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে প্ৰাপ্য অধিকাৰ বিচাৰি বিগত যুগ যুগান্তৰ ধৰি ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰাম চলাই অহাৰ পাছতো ভূমিপুত্ৰসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানলৈ গুৰুত্ব নকৰা শাসক গোষ্ঠীৰ বেপৰোৱামীত আৰু প্ৰতাৰিত ৰাইজ ভুল নাযায় বুলি কয় চুতীয়াই । লগতে প্ৰাপ্য অধিকাৰ বঞ্চিত ৰাইজৰ অভিভাৱকত্বত পুনৰ ধাৰাবাহিক গণতান্ত্ৰিক গণ আন্দোলনৰ সূত্ৰপাত ঘটিব বুলি সকীয়াই দিছে যুৱ নেতাগৰাকীয়ে ।
অহা ৩০ জানুৱাৰীৰ পৰা পুনৰ স্বাধিকাৰ বিচৰা গণতান্ত্ৰিক আন্দোলনৰ পাতনি মেলিব বুলি ঘোষণা কৰি চুতীয়াই উক্ত দিনা কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডিব্ৰুগড়লৈ আহিব । উক্ত দিনাই ডিব্ৰুগড়ত সন্মিলনৰ উদ্যোগত বিশাল বিক্ষোভ প্ৰদৰ্শন কৰা হব বুলি ঘোষণা কৰে নেতাজনে ।
তদুপৰি অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাও প্ৰবঞ্চিত জনগোষ্ঠীয় ৰাইজৰ সহযোগিতাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে । অসমৰ এইসকল খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উমৈহতীয়া নাৰ্য প্ৰাপ্য অধিকাৰ প্ৰদানৰ বিষয়টো প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি হিচাপে গ্ৰহণ কৰি পাছত ফুটুকাৰ ফেনলৈ পৰ্যবসিত কৰে বুলি কৈ এনে দৰে আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণক বিষয়টো ৰাজনৈতিক অভীষ্ট সিদ্ধিৰ দেওনা হিচাবে গণ্য কৰিবলৈ দিয়া নহব বুলি সকীয়াই দি এনে প্ৰতাৰক প্ৰবঞ্চক ফাঁকিবাজ ৰাজনৈতিক দল, প্ৰতিনিধিৰ বিৰুদ্ধে সবল ৰাজনৈতিক প্ৰত্যাহ্বান গঢ়ি তোলাৰো সকিয়নী দিয়ে চুতীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us