জুবিন গাৰ্গক লৈ ৰাজনীতি! নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিৰোধী দলপতিৰ...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত এতিয়া ভিন্ন পক্ষই তেওঁক লৈ পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে আৰম্ভ কৰিছে ৰাজনীতি। জুবিন গাৰ্গক লৈ হোৱা এই ৰাজনীতিৰ পাকচক্ৰত সোমাই পৰিছে নাজিৰা পৌৰ সভা আৰু শিমলুগুৰি।

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত এতিয়া ভিন্ন পক্ষই তেওঁক লৈ পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে আৰম্ভ কৰিছে ৰাজনীতি। জুবিন গাৰ্গক লৈ হোৱা এই ৰাজনীতিৰ পাকচক্ৰত সোমাই পৰিছে নাজিৰা পৌৰ সভা আৰু শিমলুগুৰি। এই অভিযোগ বিৰোধী দলৰ দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ। সামাজিক মাধ্যমত এক দীঘলীয়া লেখা লিখি এই অভিযোগ উত্থাপন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে একাংশই ষড়যন্ত্ৰমূলক প্ৰচাৰত নিয়োজিত হোৱা বুলিও ক্ষোভ উজাৰে।

বিধায়কগৰাকীয়ে নাজিৰা পৌৰ সভা আৰু শিমলুগুৰি পৌৰ সভাই কোনোধৰণৰ যাৱতীয় বিধি পালন নকৰাকৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি কয় যে, নাজিৰা পৌৰ সভা আৰু শিমলুগুৰি পৌৰ সভাই কোনোধৰণৰ যাৱতীয় বিধি পালন নকৰাকৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বিচাৰিছে। তাৰপিছত এটা খবৰ পালো যে, গান্ধী ময়দানত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটোক সৰু সজাবলৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি তাতোকৈ সু-উচ্চ কৰা হ’ব। গতিকে, এয়া যে কেৱল ৰাজনৈতিক ফুটেজ পোৱাৰ বাবে এক নিকৃষ্ট পলিটিকেল কাৰ্য সেয়া মোৰ বাবে স্পষ্ট হৈ পৰিল।

জুবিনৰ প্ৰতিমূৰ্তি স্থাপন কৰাত বাধা প্ৰদান কৰা বুলি শইকীয়াৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছিল সেয়াও নস্যাত কৰে তেওঁ। এই সম্পৰ্কত স্পষ্টীকৰণ দি তেওঁ লগতে লিখিছে-  মই মোৰ পত্ৰযোগে অনুৰোধ জনাইছিলো যে জ্যোতিপ্ৰসাদ আগৰৱালা উদ্যানখনক শিল্পী উদ্যান হিচাপে নামাকৰণ কৰি তাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। মই কেতিয়াও প্ৰতিমূৰ্তি স্থাপন কৰাৰ বিপক্ষে কোৱা নাই। বৰং মই শিল্পী উদ্যানখন শুৱনি কৰি জুবিন গাৰ্গৰ বিষয়ে উত্তৰ পুৰুষে জানিবলৈ তাত তেওঁৰ স্মৃতিত এটা অডিও-ভিজুৱেল মিউজিয়াম স্থাপন কৰাৰ মই পক্ষপাতী। ইয়াৰ বাবে মোৰ তৰফৰ পৰা যিধৰণৰ যাৱতীয় সহায়-সহযোগিতা আগবঢ়াবলৈ মই সদায় সাজু।

বিৰোধী দলৰ দলপতি গৰাকীয়ে কেৱল নিজৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগেই নহয়, আন কেতবোৰ দিশো নিজৰ এই লেখাটোত পোহৰলৈ আনিছে। বিধায়ক গৰাকীয়ে ২০২৪ৰ ৬আগষ্টত নাজিৰাৰ এই গান্ধী ময়দানখনৰ উন্নয়নৰ উদ্দেশ্যেৰে ৩০লাখ টকা গোটোৱাৰ কথা পৌৰ সভাক অৱগত কৰিছিল। কিন্তু লক্ষ্যণীয়ভাৱে  পৌৰ সভাই তেওঁক কোনো সহাঁৰি নিদিয়াৰ কথা উল্লেখ কৰিছে ফেচবুক পোষ্টটোত। 

এই সন্দৰ্ভত তেওঁ লিখিছে-  যোৱা বছৰৰ ৬ আগষ্ট তাৰিখে নাজিৰাৰ গান্ধী ময়দানৰ উন্নয়নৰ উদ্দেশ্যেৰে ৩০ লাখ টকা যুগুতাই নাজিৰা পৌৰ সভাৰ Executive Officer লৈ পত্ৰ প্ৰেৰণ কৰিছিলো। তেতিয়াৰ পৰা এতিয়ালৈ প্ৰায় ১৫ মাহ সময় হ’ল যদিও আজিলৈ এই সম্পৰ্কে কোনো সহাঁৰি নাপালো। এতিয়া নাজিৰা পৌৰ সভাই কাৰ স্বাৰ্থত বা কাৰ কালগ্ৰাসত পৰি এই সমাজহৈতষী কাম কৰাৰ পৰা বিৰত থাকিল সেয়া আমি নাজিৰাবাসীয়ে নিশ্চয়কৈ অনুমান কৰিব পাৰো। এই পত্ৰখনেই প্ৰমাণ যে নগৰ উন্নয়নৰ কাৰ্যত কোন প্ৰকৃত বাধা।  

মুঠৰ ওপৰত এতিয়া এটাই আনটো পক্ষই ওপৰত উঠাইছে ধাৰাবাহিক অভিযোগ। কংগ্ৰেছ বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ তথা চক্ৰান্ত ৰচনা কৰা সকলক আধুনিক যুগৰ বদন আখ্যা দি নাজিৰা তথা অসমৰ ৰাইজে এনেবোৰ কুৎসা ৰচনাকাৰী আৰু চক্ৰান্তকাৰী ব্যক্তিসকলক চিনিবলৈ আহ্বান জনায়। এতিয়া বিধায়কগৰাকীৰ এই প্ৰতিক্ৰিয়াৰ পিছত পৌৰ সভা দুখনে কি প্ৰত্যুত্তৰ দিয়া সেয়া হ'ব লক্ষ্যণীয়।

অসম প্ৰদেশ কংগ্ৰেছ