/asomiyapratidin/media/media_files/2025/10/11/hgdsds-2025-10-11-19-22-04.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ সোঁৱৰণত এখনি আন্তঃবিশ্ববিদ্যালয়/ মহাবিদ্যালয় তর্ক প্রতিযোগিতা আয়োজন কৰা হৈছে। অহা ৩০ অক্টোবৰ, ২০২৫ তাৰিখে দিনৰ ১০.০০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাখনৰ বিষয় সদনৰ মতে, “পৰম্পৰাগত আৰু লোকজ্ঞান চর্চাই নৱ প্ৰজন্মক অধিক সমৃদ্ধ কৰিব" (In the Opinion of the house 'Practising Traditional and Folk Knowledge will Enrich the New Generation)।
এই প্ৰতিযোগিতাখনত এখন শিক্ষানুষ্ঠানৰ পৰা এটা দলেহে অংশগ্রহণ কৰিব পাৰিব। ইচ্ছুক প্রতিযোগীয়ে এককভাৱেও অংশগ্ৰহণ কৰিব পাৰিব, কিন্তু দলীয় পুৰস্কাৰৰ বাবে বিবেচিত নহ'ব। অধিক জানিবৰ বাবে প্রতিযোগীসকলে ৯৮৬৪৯৭৯৮১১/৮৪০৩৯৭২৭২০ নম্বৰত যোগাযোগ কৰি অহা ২৫ অক্টোবৰৰ ভিতৰতনাম পঞ্জীয়ন কৰিব পাৰিব।
প্রতিযোগিতাৰ পুৰস্কাৰসমূহ এনেধৰণৰঃ
১) শ্রেষ্ঠ দলঃ ২৫,০০০ টকা, মান পত্ৰ আৰু ট্রফী
২) দ্বিতীয় শ্রেষ্ঠ দলঃ ২০,০০০টকা, মান পত্র আৰু ট্ৰফী
৩) শ্রেষ্ঠ তার্কিকঃ ১০,০০০টকা, মানপত্ৰ আৰু ট্রফী
৪) দ্বিতীয় শ্রেষ্ঠ তার্কিকঃ ৮,০০০ টকা, মান পত্ৰ আৰু ট্রফী
৫) তৃতীয় শ্রেষ্ঠ তার্কিকঃ ৬,০০০টকা, মানপত্ৰ আৰু ট্রফী