হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীঃ ভাষা-সংস্কৃতিৰ অনন্য সাধকক সশ্ৰদ্ধ সোঁৱৰণ

স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি অভিধান সম্পাদনা আৰু সংবাদপত্ৰ প্ৰকাশনলৈকে বিস্তৃত অৱদান আগবঢ়োৱা এইগৰাকী বিশিষ্ট ব্যক্তিত্বৰ জীৱনযাত্ৰাই অসমৰ সমাজ-সাংস্কৃতিক ক্ষেত্ৰত এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-25 at 9.23.15 AM

ডিজিটেল ডেস্কঃ আজি হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নাতি দেৱানন্দ বৰুৱাৰ জন্ম হৈছিল ১৯২২ চনৰ ৫ ছেপ্টেম্বৰত শিৱসাগৰ জিলাত ৷ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি অভিধান সম্পাদনা আৰু সংবাদপত্ৰ প্ৰকাশনলৈকে বিস্তৃত অৱদান আগবঢ়োৱা এইগৰাকী বিশিষ্ট ব্যক্তিত্বৰ জীৱনযাত্ৰাই অসমৰ সমাজ-সাংস্কৃতিক ক্ষেত্ৰত এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে।

তেওঁ মাত্ৰ ১৭ বছৰ বয়সতে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কাৰাবাসো খাটিবলগীয়া হৈছিল। একে সময়তে তেওঁ ‘ৰংপুৰ বুক বাইণ্ডিং’ নামৰ এটা ছপা প্ৰতিষ্ঠান স্থাপন কৰি উদ্যোগী জীৱনৰ সূচনা কৰে।

ইফালে, কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত দেবানন্দ বৰুৱাই ১৯৪৭ চনত শিৱসাগৰ মহাবিদ্যালয় স্থাপনত আগভাগ লয় আৰু শিক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ১৯৫৪ চনত শিক্ষা বিভাগত সামাজিক শিক্ষা বিষয়া হিচাপে যোগদান কৰি পিছলৈ দণ্ডাধীশ পদলৈ পদোন্নতি লাভ কৰে। তেওঁ হামৰেণ মহকুমাৰ প্ৰথম দণ্ডাধীশ হিচাপে কৰ্তব্য পালন কৰিছিল। ১৯৮০ চনত তেওঁ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।

আনহাতে, ১৯৬০ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁ ‘হেমকোষ প্ৰিণ্টাৰ্ছ’ স্থাপন কৰি হেমকোষ অভিধানৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ পায়। অভিধানখনত তেওঁ ৮০ হাজাৰৰো অধিক নতুন শব্দ সংযোজন কৰি অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত এক অমূল্য অৱদান আগবঢ়ায়।

চাকৰিৰ পৰা অৱসৰৰ পিছতো তেওঁৰ কৰ্মতৎপৰতা অব্যাহত থাকে। গুৱাহাটীত ‘হিন্দুস্তান প্ৰেছ’ স্থাপন কৰি সংবাদপত্ৰ প্ৰকাশন ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰে। ১৯৮৯ চনত পুত্ৰ জয়ন্ত বৰুৱাৰ সৈতে সাপ্তাহিক সাদিন আৰু ১৯৯৫ চনত অসমীয়া প্ৰতিদিন কাকত প্ৰকাশ কৰে। পিছলৈ এই প্ৰতিষ্ঠানৰ পৰাই ‘নন্দিনী’ আৰু ‘সাতসৰী’ নামৰ দুখন আলোচনীও প্ৰকাশ পায়।

২০১২বৰ্ষৰ আজিৰ দিনটোতে হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ দেহাবসান ঘটে। স্বাধীনতা সংগ্ৰাম, শিক্ষা, অভিধান সম্পাদনা আৰু সংবাদপত্ৰ প্ৰকাশনৰ ক্ষেত্ৰত তেওঁৰ বহুমুখী অৱদান আজিও অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক জগতত সশ্ৰদ্ধে স্মৰণ কৰা হয়।

দেৱানন্দ বৰুৱা