/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d34111d3-a89c-4ec1-a64a-fb94140849fc/maroi_24.jpg)
death body found
ডিজিটেল সংবাদ দুমুনিচকীঃ দিপাৱলীৰ আনন্দ উলাহৰ সময়তে দৰং জিলাৰ মাৰৈত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। জিলাখনৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাৰৈ গাঁৱৰ মছজিদৰ পুখুৰীৰ পানীত মৃতদেহটো উপঙি থকা অৱস্থাত উদ্ধাৰ হয়।
জানিব পৰা মতে আজি ৰাতিপুৱা প্ৰাতঃভ্ৰমণলৈ অহা লোকে মছজিদৰ পুখুৰীত এটা মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ফলত ছিপাঝাৰ আৰক্ষীক ঘটনা সম্পৰ্কে অবগত কৰাত আৰক্ষীয়ে মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰে।
মৃতদেহটো প্ৰথমে চিনাক্ত কৰিব পৰা নাছিল যদিও পিছত মৃতদেহটো মাৰৈ গাঁৱৰ জলিল আলীৰ পুত্ৰ আজহাৰ মেহমুদ (২৩) বুলি চিনাক্ত কৰা হৈছে। ছিপাঝাৰ আৰক্ষীয়ে পুখুৰীৰ সমীপত পৰি থকা অৱস্থাত এটা মবাইল ফোন উদ্ধাৰ কৰে।
উল্লেখ্য যে, পেচাত গাড়ীচালক মৃত আজাহাৰ যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল। ছিপাঝাৰ আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।