গহপুৰত জুবিন অনুৰাগীৰ অস্বাভাৱিক মৃত্যু...

ওচৰ চুবুৰীয়াই সোমবাৰৰ পৰা পাৰ্থক দেখা নাপায় মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত চাওঁতে মৃত অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছতে হুৱা দুৱা লাগে অঞ্চলটোত।

author-image
Asomiya Pratidin
New Update
sdsdsdsdsdsdsd

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ সকলোৱে তেওঁক "জুবিন বলিয়া" যুৱক বুলিয়েই জানে। অসম আৰু অসমীয়াৰ আজন্ম শিল্পী সদ্য প্ৰয়াত জুবিন গাৰ্গৰ সৈতে অন্তৰংগ সম্পৰ্ক আছিল যুৱকজনৰ।এগৰাকী প্ৰকৃত জুবিন অনুৰাগী হিচাপে পৰিচিত যুৱক জনৰ নাম পাৰ্থ বৰকটকী।

গহপুৰ নগৰৰ পুৰুপবাৰী নিবাসী প্ৰয়াত জিতেন বৰকটকী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰয়াত হিৰা হাজৰিকাৰ একমাত্ৰ সন্তান পাৰ্থই বাংগালুৰুৰ পৰা বিচিএ উত্তীৰ্ণ হোৱাৰ পিছত গুৱাহাটীত থাকি গাড়ীৰ ব্যৱসায় কৰিবলৈ লয়। গুৱাহাটীত থকা সময়ৰ পৰা জুবিন গাৰ্গৰ লগত নিবিড় সম্পৰ্ক হৈ পৰা পাৰ্থৰ। পিছলৈ জুবিন গাৰ্গৰ ঘৰৰ লগতো আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠে আৰু জুবিন গাৰ্গৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰিবলৈ লয়‌ তেওঁ। 

WhatsApp Image 2025-09-23 at 7.32.42 PM

সঁচা অৰ্থত জুবিনক ভাল পোৱা পাৰ্থক জুবিনৰ মৃত্যুৰ বাতৰিয়ে বাকৰুদ্ধ কৰি তোলে। জুবিনৰ নশ্বৰদেহ গুৱাহাটীলৈ অহাৰ প্ৰথম দিনটোতে তেওঁ গুৱাহাটীলৈ গৈ জুবিনৰ নশ্বৰদেহত পুস্পাঞ্জলী অৰ্পণ কৰি পুৰূপবাৰীৰ ঘৰলৈ উভতি অহাৰ পিছৰে পৰা উপবাসে থাকিবলৈ লয় তেওঁ। ঘৰত অকলশৰীয়াকৈ থকা পাৰ্থই ২১ ছেপ্তেম্বৰৰ সন্ধিয়া পুৰূপবাৰীৰ জুবিনৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কান্দি কান্দি ভাগৰুৱা হৈ পৰে।

ওচৰ চুবুৰীয়াই সোমবাৰৰ পৰা পাৰ্থক দেখা নাপায় মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত চাওঁতে মৃত অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ পিছতে হুৱা দুৱা লাগে অঞ্চলটোত। জুবিন গাৰ্গৰ মৃত্যুৰ শোকত উপবাসে থকাৰ লগতে অধিক আবেগিক হোৱাৰ ফলতে পাৰ্থ বৰকটকীৰ অকাল মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত।

জুবিন গাৰ্গ