/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-19-16-32.jpg)
ডিজিটেল ডেস্কঃ নাগালেণ্ডত এনএচচিএনৰ গুলীত আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ থকা আছাম ৰাইফলছৰ এগৰাকী জোৱানে আজি মৃত্যুমুখত পৰে। মৃত জোৱানগৰাকী কোকৰাঝাৰৰ ছালাকাটি পদ্মবিল গাঁৱৰ প্রবীন চন্দ্র বৰ্মন বুলি জানিব পৰা গৈছে। মৃত্যুৰ পূৰ্বে জোৱানগৰাকীয়ে পত্নী,দুই কন্যা আৰু এগৰাকী পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ যায়।
উল্লেখ্য যে, নাগালেণ্ডত কৰ্মৰত হৈ থকাৰ সময়তে আছাম ৰাইফলছৰ জোৱান প্রবীন চন্দ্র বৰ্মন ২০১৭ চনৰ ১১ ছেপ্তেম্বৰত এনএচচিএনৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল। বীৰ জোৱানগৰাকী তেতিয়াৰে পৰা অৰ্থাৎ ২০১৭ চনৰে পৰা সূদীৰ্ঘ ৮ বছৰ ধৰি চিকিৎসাধীন হৈ আছিল যদিও আজি চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-2026-01-03-19-15-32.jpeg)
বীৰ জোৱান প্রবীন চন্দ্র বৰ্মন চিকিৎসাধীন অৱস্থাতে যোৱা ১ ফেব্রুৱাৰী ২০২৫ চনত অৱসৰ গ্ৰহণ কৰিছিল। দীৰ্ঘদিনে হুইলচেয়াৰত জীৱন নিৰ্বাহ কৰি থকা প্রবীন চন্দ্র বৰ্মন আজি চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। কোকৰাঝাৰ আৰক্ষী প্ৰশাসন- জিলা প্ৰশাসনৰ লগতে স্থানীয় গাঁওৱাসী, গুণমুগ্ধই অন্তোষ্টিক্ৰিয়াৰ পূৰ্বে মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us