পোহৰেৰে খেলা কৰা বিপুল চৌধুৰীৰ পৰিয়ালৰ কাষত প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালী

অমায়িক,ভদ্ৰ বিপুল চৌধুৰীৰ মৃত্যুত সমগ্ৰ দক্ষিণ কামৰূপত এক শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত বিভিন্ন দল,সংগঠন,কল্পাপাৰা ৰাইজে গীভৰ শোক প্ৰকাশ কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ  অসমৰ ভ্ৰাম্যমাণ নাট্যদল,বিভিন্ন এমেচাৰ গ্ৰুপ, গ্ৰাম্য নাট্যদলৰ পোহৰ নিক্ষেপক,পৰিকল্পক পলাশবাৰীৰ কল্লাপাৰা নিৱাসী বিপুল চৌধুৰীয়ে ১১ জানুৱাৰীত সকলোকে কন্দুৱাই সংসাৰৰ পৰা গুচি যায়। অমায়িক,ভদ্ৰ বিপুল চৌধুৰীৰ মৃত্যুত সমগ্ৰ দক্ষিণ কামৰূপত এক শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত বিভিন্ন দল,সংগঠন,কল্পাপাৰা ৰাইজে গীভৰ শোক প্ৰকাশ কৰে। 

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে। বুধবাৰে সন্ধিয়া বিপুল চৌধুৰীৰ বাসগৃহত প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ বুজ লয়। তেওঁৰ মৃত্যু সমাজৰ বাবে যথেষ্ট ক্ষতি হোৱা বুলি যতীন মালীয়ে উল্লেখ কৰে। মালীয়ে চৌধুৰীৰ  শোকসন্তপ্ত পৰিয়ালবৰ্গক সাহস আৰু ধৈৰ্য্যৰে জীয়াই থাকিবলৈ কয়। 

WhatsApp Image 2026-01-15 at 3.39.02 PM

তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে সদায়েই যতীন মালীয়ে থাকিব বুলি কয়। লগতে উল্লেখ কৰে  যে,অমায়িক,ভদ্ৰ চৌধুৰীয়ে মৃত্যুৰ দিনাও চিকিৎসালয় বুলি যাওতে খোজ কাঢ়ি গৈ গাড়ীত উঠিছিল। এক প্ৰকাৰ বিজয়নগৰৰ লাইভ ছেভ হাস্পতালত ভৰ্তি হোৱা বিপুল চৌধুৰী চিকিৎসাৰ বিসংগতিৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে। তেওঁৰ মৃত্যুত পৰিয়ালবৰ্গই ভাগি পৰিছে যদিও বিভিন্ন লোকে পৰিয়ালবৰ্গক জীয়াই থাকিবলৈ সাহস যোগাইছে।

উল্লেখযোগ্য যে, তেওঁ একেধাৰে অনিৰ্বাণ থিয়েটাৰ,ৰূপৰাজ থিয়েটাৰ,মুন লাইট থিয়েটাৰ,পৰিয়ালৰ ভ্ৰাম্যমাণ নাট্যদল ধ্ৰুৱতৰা থিয়েটাৰৰ  অসমৰ বিভিন্ন প্ৰান্তৰ নাট্যগোষ্ঠীত পোহৰ নিক্ষেপক,পৰিকল্পক হিচাপে কাম কৰিছিল। তেওঁ হেম ভট্ট,কল্যাণ দে,অ পি নায়াৰ আদি খ্যাতিসম্পন্ন নাট্যকাৰ,পৰিচালকৰ লগতো কাম কৰি খ্যাতি অৰ্জন কৰিছিল। তেওঁ মৃত্যুৰ সময়ত পত্নী,পুত্ৰসহ ইষ্ট-কুটুম্বক এৰি থৈ যায়।

WhatsApp Image 2026-01-15 at 3.39.01 PM

কামৰূপ