দিল্লীৰ পৰা আকাশমাৰ্গেৰে আহি আছে মৰমৰ জুবিন

দিল্লীৰ পৰা বৰ্তমান আকাশমাৰ্গেৰে গুৱাহাটী অভিমুখে আহি আছে আমাৰ মৰমৰ জুবিন গাৰ্গ। ইতিমধ্যে এই সম্পৰ্কত বিতংভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
392

ডিজিটেল ডেস্ক : দিল্লীৰ পৰা বৰ্তমান আকাশমাৰ্গেৰে গুৱাহাটী অভিমুখে আহি আছে আমাৰ মৰমৰ জুবিন গাৰ্গ। ইতিমধ্যে এই সম্পৰ্কত বিতংভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰিছে এইদৰে- "ছিংগাপুৰৰ পৰা অহা আমাৰ মৰমৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া কফিনটো কোনো চাৰ্টাৰ্ড বিমানত নিব পৰাৰ জোখাৰে যথেষ্ট ডাঙৰ আছিল ৷ আমি দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাইছিলোঁ ৷

তেওঁৰ মৃতদেহ এতিয়া এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান IX 1197 ত গুৱাহাটীলৈ লৈ যোৱা হৈছে ৷ বিমানখনে পুৱা ৪-৩০ বজাত উৰা মাৰিছে আৰু বৰ্তমান আকাশমাৰ্গেৰে গৈ আছে গুৱাহাটী অভিমুখে..."

জুবিন গাৰ্গ