/asomiyapratidin/media/media_files/2025/04/26/sjvEVHDWUYcEefsoFbJU.jpg)
ডিজিটেল ডেস্ক : শনিবাৰে ইৰাণৰ দক্ষিণ অংশত অৱস্থিত এটা বন্দৰত সংঘটিত হৈছে ভয়াৱহ বিস্ফোৰণৰ ঘটনা। কণ্টেনাইৰত জুইৰ সূত্ৰপাত ঘটি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ঘটনাৰ লগে লগে জুই আৰু ধোঁৱাই আৱৰি ধৰাৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে, এই ঘটনাত অতি কমেও ২৮০জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে যদিও ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰী সংস্থা প্ৰকাশ কৰিছে। ইতিমধ্যে আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেই সম্পৰ্কত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই।