/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল সংবাদ,চিৰাংঃ দুৰ্গাপূজাৰ আনন্দৰ মাজতেই চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত পথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। আজি পুৱা স্থানীয় লোকে বাসুগাঁও-কাশিকোত্ৰা গড়কাপ্তানী পথৰ দাঁতিত যুৱক জনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় ।
পিছত খবৰ লাভ কৰি বাসুগাঁও থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত আৰম্ভ কৰে। আৰক্ষীয়ে মৃত যুৱক জনৰ পকেটৰ পৰা লাভ কৰা নথিপত্ৰ অনুসৰি মৃত যুৱকজনক বঙাইগাঁও চহৰৰ বাবুপাৰাৰ সুৰজ সাহা (৩১) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে, যুৱক জনৰ কি পৰিস্থিতিত মৃত্যু হৈছে সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।