/asomiyapratidin/media/media_files/2026/01/24/691-2026-01-24-08-11-57.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভাল্লা কাৰিপাৰা ডেকা ক্রীড়া সন্থাৰ সৌজন্যত শনিবাৰে বিয়লি অসম ভিত্তিত এখনি দিবা-নৈশ যুটীয়া বেডমিন্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। এই খেলখনি ভাল্লা কাৰিপাৰা নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হ'ব।
খেলত ১ম পুৰস্কাৰ ৬০০১/-টকা লগতে ট্রফী একেদৰে ২য় পুৰস্কাৰ ৩০০১/-টকা লগতে ট্রফী। আনহাতে এজন শ্রেষ্ঠ খেলুৱৈৰ বাবে ১০০১/- টকা লগতে ট্রফী আগবঢ়োৱা হ'ব। এই খেলৰ ভর্তি মাচুল ৩৫১ টকা। খেলৰ সময়-বিয়লি ৩ বজা।
সমিতিৰ সভাপতি প্ৰদীপ দাস,উপ সভাপতি যোগেশ দাস, সম্পাদক জয়দেৱ দাস আৰু সহ সম্পাদক উৎপল দাসে জনোৱা মতে এটা দলত ২ জনকৈ খেলুৱৈ থাকিব। দলসমূহে নিজৰ ৰেকেট নিজেই আনিব লাগিব। প্রত্যেক খেল ১৫ পয়ন্ট নিয়ম অনুযায়ী পৰিচালনা কৰা হ'ব।
খেল আৰম্ভ হোৱাৰ ২০ মিনিট আগতে উপস্থিত হ'ব লাগিব।সকলো ক্ষেত্ৰতে আয়োজক আৰু খেল পৰিচালকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ'ব। খেলত সমূহ অংশগ্ৰহণকাৰী ক্ৰীড়াপ্ৰেমী লোকৰ উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে । যোগযোগ:- 98649 99284, 9101657011, 60014 92069।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us