/asomiyapratidin/media/media_files/2026/01/20/himantadobasss-2026-01-20-21-33-13.jpg)
ডিজিটেল সংবাদ, ডাভোছঃ ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অসমক প্রতিনিধিত্ব কৰিবলৈ ছুইজাৰলেণ্ডত প্রথম অসমীয়া হিচাপে উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রথম দিনটোৰ বিয়লিৰ ভাগত একাধিক কার্যসূচীত অংশ লয়। তেওঁ ৱৰ্ল্ড ইক'নমিক ফ'ৰামত বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে হ'বলগীয়া বৈঠকৰ পূৰ্বে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হয়।
মুখ্যমন্ত্রীয়ে এই বিষয়ত জনায় যে টাটা গ্ৰুপে অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগক শক্তিশালীভাৱে আগুৱাই লৈ গৈ আছে। বিশ্বৰ মুখ্য অংশীদাৰসকলৰ সৈতে হাত মিলাই এই ঔদ্যোগিক পৰিৱেশক অধিক দৃঢ় কৰাৰ বাবে আমি সংকল্পবদ্ধ।
ইয়াৰ পূর্বে তেওঁ সংবাদ প্রতিষ্ঠানৰ সৈতে বার্তালাপত মিলিত হয়। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ 'অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ মাজত পৰস্পৰৰ সম্পৰ্ক আছে, অসমৰ যিকোনো উন্নয়নে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপকাৰ কৰে' বুলি ব্যক্ত কৰি ডাভোছৰ মঞ্চত ছেমিকণ্ডাক্টৰ, পৰ্যটন, নৱীকৰণযোগ্য শক্তি আৰু অন্যান্য খণ্ডৰ বিষয়ত আলোচনা কৰাৰ কথা ব্যক্ত কৰে।
উল্লেখ্য যে, অসমে প্ৰথমবাৰৰ বাবে এই বৃহৎ সম্মিলনত ভাগ লৈ বিশ্বলৈ অসমৰ অগ্রগামী আৰু বিকাশশীল যাত্ৰাৰ এক বার্তা পঠিয়াব বিচাৰিছে। অসম এতিয়া ভাৰতৰ নিৰ্ভৰযোগ্য বিনিয়োগস্থলী আৰু ভাৰতৰ দ্রুত বিকশিত ৰাজ্য হিচাপে প্রতিষ্ঠা লাভ কৰিছে।
ৰিজাৰ্ভ বেংকৰ সমীক্ষাতো প্রকাশ পাইছে এনে তথ্য। মুখ্যমন্ত্রীয়ে সাংবাদিকৰ সন্মুখত বিনিয়োগৰ বাবে অসমে নিৰ্ভৰযোগ্য ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি কয় যে অসম হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ মূল আধাৰ।
তেওঁ বিশ্বক অসমে আগবঢ়োৱা সুযোগসমূহ অন্বেষণ কৰিবলৈ আমন্ত্রণ জনায়। উল্লেখ্য যে এডভান্টেজ আছাম-২.০ ৰ সময়ত বিভিন্ন বিনিয়োগকাৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে ৫ লাখ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল। এইবাৰ ডাভোছৰ ৱৰ্ল্ড ইক'নমিক ফ'ৰামত ১ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। যিয়ে অসমৰ অর্থনীতি, নিযুক্তি আদিৰ ক্ষেত্রত যথেষ্ট ইতিবাচক ভূমিকা গ্রহণ কৰিব।
মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণৰ আলোচনা সত্র তথা বুজাবুজি চুক্তিত সেউজ শক্তি আৰু নব্য শক্তিত গুৰুত্ব প্ৰদান কৰিব। এই মঞ্চই বিশ্বৰ সন্মুখত ভাৰতে আগবঢ়োৱা সর্বোত্তম সুযোগ-সুবিধাসমূহ প্রদর্শন কৰি ভাৰতী আইৰ মান নিশ্চিতকৈ বৃদ্ধি কৰিব। মুখ্যমন্ত্ৰীৰ ডাভোছ ভ্ৰমণৰ দ্বিতীয় দিনত ভাৰতক প্ৰতিনিধিত্ব কৰা বিশিষ্ট লোকৰ সৈতে ৱৰ্ল্ড ইক'নমিক ফ'ৰামত ভাৰত পেভিলিয়নৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ডাভোছৰ দ্বিতীয় দিনটোত অসমে কেনেদৰে ক্ৰমান্বয়ে স্বয়ংক্রিয় আৰু এ আই নিৰ্ভৰ পৰিৱেশৰ বাবে নিজৰ কৰ্মশক্তিক প্রস্তুত কৰি আছে সেই বিষয়ে মুখ্যমন্ত্রীয়ে মত বিনিময় কৰে। মুখ্যমন্ত্রীয়ে কয়- আমাৰ যুৱ শক্তিৰ প্ৰতি লক্ষ্য ৰাখি অসমে দক্ষতা প্ৰশিক্ষণৰ নতুন ৰূপৰেখা প্ৰস্তুত কৰিছে। অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়সহ অন্যান্য পদক্ষেপসমূহৰ জৰিয়তে ঔদ্যোগিক পৰিৱেশ অনুকূল পাঠ্যক্ৰম আৰু কাৰ্যসূচীসমূহক আমাৰ প্ৰচেষ্টাৰ কেন্দ্রবিন্দুত সংযোজন কৰা হৈছে। ব্যৱহাৰিক ক্ষেত্ৰতো অসমে উত্তম নিদর্শন দেখুৱাবলৈ সক্ষম হৈছে।
এই আকর্ষণীয় তথা উল্লেখনীয় আলোচনা কার্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে আমেৰিকাৰ ওকোহোমাৰ গভর্নৰ কেভিন ষ্টিট, মিচিগানৰ গভৰ্নৰ গ্রেটচেন হোৱাইটমেৰ, ফ্ৰান্সৰ মন্ত্ৰী প্ৰতিনিধি বেঞ্জামিন হাড্ডাদ আৰু ৱৰ্ল্ড ইক'নমিক ফ'ৰামৰ পৰিচালন সঞ্চালক কিভা অলগুড নামৰ প্ৰসিদ্ধ ব্যক্তিসকল।
পৰৱৰ্তী সময়ত মুখ্যমন্ত্রীয়ে ছেমিকণ্ডাক্টৰ, ইলেক্ট্রনিক্স ঘূৰণীয়া মেজমেলত অংশগ্রহণ কৰি গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য প্ৰদান কৰে। ইয়াৰ দ্বাৰা অসম যথেষ্টভাৱে উপকৃত হ’ব। ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে একাধিক গুৰুত্বপূৰ্ণ অধিৱেশন তথা মেজমেল আৰু বহুপাক্ষিক বৈঠকত অংশগ্রহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰৱৰ্তী সময়ত তেওঁ কেইবাখনো দ্বিপাক্ষিক বৈঠক, বিশ্ব সংস্থাসমূহৰ সৈতে বহুপাক্ষিক বৈঠকত অংশ ল'ব। মুখ্যমন্ত্ৰীৰ এই ডাভোছ ভ্ৰমণে অসমক অধিক উচ্চতালৈ লৈ যাব বুলি এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us