প্ৰথমগৰাকী অসমীয়া হিচাপে ৱৰ্ল্ড ইকনমিক ফ'ৰামত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগা অতি সন্মানজনক ৱৰ্ল্ড ইকনমিক ফ'ৰামত (ডব্লিউ ই এফ) ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্রতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে সুযোগ প্রদান কৰিছে। 

author-image
Asomiya Pratidin
New Update
CMASSAM VUBES

ডিজিটেল ডেস্কঃ অসমৰ বাবে এটি অত্যন্ত ভাল খবৰ। ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগা অতি সন্মানজনক ৱৰ্ল্ড ইকনমিক ফ'ৰামত (ডব্লিউ ই এফ) ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্রতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে সুযোগ প্রদান কৰিছে। 

সাধাৰণতে ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহে এই ৱৰ্ল্ড ইকনমিক ফ'ৰামত দেশক প্রতিনিধিত্ব কৰি আহিছিল। কিন্তু এইবেলি প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্রদান কৰিছে। এই বিশেষ কাৰ্যসূচীৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ১৯ জানুৱাৰীত ডাভোছলৈ যাব আৰু তাত চাৰিদিন থাকি বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ চি ই অ', বিশ্ব বেংক, আন্ত:ৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ সন্মুখত ৱৰ্ল্ড ইকনমিক ফ'ৰামত অসমক প্রতিনিধিত্ব কৰিব। আৰু তেৱেই হ'ব ৱর্ল্ড ইক'নমিক ফ'ৰামত অংশ লোৱা প্রথমগৰাকী অসমীয়া। 

উল্লেখ্য যে, যিকোনো ৰাজ্য, উদ্যোগ প্রতিষ্ঠান বা দেশে ইয়াত সঠিক বক্তব্য উপস্থাপন কৰিব পাৰিলে বিশ্বৰ প্ৰসিদ্ধ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ থাকে। এডভান্টেজ আছাম সন্মিলনৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰীৰ ডাভোছত ৱৰ্ল্ড ইকনমিক ফ'ৰামত অংশগ্রহণে অসমৰ বিনিয়োগ, অর্থনীতি আদি বিষয়ত এক বিশেষ প্রভাৱ নিশ্চয়কৈ পেলাব। 

ৱর্ল্ড ইকনমিক ফ'ৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। এইবেলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি ভিন্ন দেশৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব। আক্ষৰিক অৰ্থতে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই তালিকাত অন্তর্ভুক্ত কৰাত নতুন বৰ্ষৰ প্ৰথমৰ সময়খিনিত এক ভাল খবৰ হিচাপে বিবেচিত হৈছে।

পাঁচ দিনীয়া এই সন্মিলনত অসম তথা ভাৰতৰ অন্তর্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি উন্নয়নৰ আৰ্হি আদি উপস্থাপন কৰা হ'ব। ভাৰতৰ দৃষ্টিনন্দন অর্থনৈতিক বিকাশে বিশ্বজুৰি সকলোৰে দৃষ্টি আকর্ষণ কৰি আহিছে। অসমৰ ক্ষিপ্ৰ উন্নয়ন আৰু সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ বলত এইবাৰ অসমেও সেই সুযোগ লাভ কৰিব। 

গুৰুত্বপূৰ্ণ ক্ষেত্রসমূহত উল্লেখযোগ্য অগ্রগতিৰ সৈতে বিশ্ব মঞ্চত আগশাৰীৰ শক্তি হিচাপে ভাৰতে নিজৰ স্থান অধিক দৃঢ় কৰি তুলিছে, য'ত অসমেও এক মুখ্য ভূমিকা গ্রহণ কৰিব পাৰে- এই সন্দর্ভত মুখ্যমন্ত্রীয়ে ভিন্ন পৰিকল্পনা ফ'ৰামত উপস্থাপন কৰি অসমক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিব। 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই ফ'ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্রত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকর্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত অসমখনক আগশাৰীত লৈ যোৱাৰ দিশত নিশ্চিত পদক্ষেপ ল'ব।

মুখ্যমন্ত্রীয়ে ফ'ৰামত ১৭ খনতকৈও অধিক বৈঠকত অংশ ল'ব আৰু বহু কেইখন বুজাবজি চুক্তিত স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎ-প্ৰস্তুত কৰ্মশক্তিৰ সুৰক্ষা, ভ্রমণ আৰু পর্যটন-১০ ট্রিলিয়ন ডলাৰৰ সম্ভাৱনামূলক গন্তব্যস্থলী, স্বাস্থ্য আৰু স্বাস্থ্য সেৱা মঞ্চকে ধৰি চাৰিখনকৈ আলোচনা সত্ৰত অংশগ্ৰহণ কৰিব।
 
তেখেতে ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ অংশ হিচাপে নিজ ৰাজ্যৰ ঔদ্যোগিক অগ্রগতি, বিনিয়োগৰ সুযোগ আৰু সাফল্যৰ বিভিন্ন তথ্য উপস্থাপন কৰিব। বিশ্বৰ অন্যতম সর্ববৃহৎ বাণিজ্য সম্মিলনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিদেশৰ বহু উদ্যোগপতিৰ সৈতে একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰো সম্ভাৱনা আছে।

ৱৰ্ল্ড ইকনমিক ফ'ৰাম এক অলাভযুক্ত সংস্থা (নন প্রফিট অর্গেনাইজেশ্যন) যাৰ প্ৰতিষ্ঠা ১৯৭১ চনত হৈছিল। ই প্ৰকৃততে বিশ্বৰ সৰ্ববৃহৎ অতিশয় কার্যকৰী বাণিজ্যিক সন্মিলন। ই বাণিজ্যতে সীমাবদ্ধ নহয়, ইয়াৰ পৰিসৰ ব্যাপক। ইয়াৰ উদ্দেশ্য হৈছে পৃথিৱীজুৰি ভূ-ৰাজনীতি, শিক্ষা-প্রযুক্তি, আর্থিক নীতি, বিনিয়োগ আদিৰে সমৃদ্ধ কৰি বিশ্বৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰা তথা সামৰি লোৱা। 

উল্লেখ্য, অসমৰ লগতে এইবাৰ ভাৰতবৰ্ষৰ পৰা আন ৯খন ৰাজ্যয়ো ভাগ লোৱাৰ সুযোগ পাইছে, য'ত পাঁচগৰাকী মুখ্যমন্ত্ৰী আৰু চাৰিজন কেন্দ্ৰীয় মন্ত্রীয়ে অংশগ্রহণ কৰিব। 'স্পিৰিট অৱ ডায়লগ' বিষয়বস্তুৰে ইক'নমিক ফ'ৰামৰ এই সংস্কৰণত অসমে নিজৰ প্ৰকল্প আৰু ধাৰণা ইয়াত উপস্থাপন কৰিবলৈ পোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। 

ইয়াৰ দ্বাৰা অসমত নতুন বিনিয়োগ, ছেমি কণ্ডাক্টৰ সদৃশ নতুন প্রকল্প আৰু যুৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি আদিকে ধৰি ভিন্ন লাভেৰে অসম সমৃদ্ধ হ'ব। তদুপৰি ভাৰতৰ লগতে এই ফ'ৰামত বিশ্বৰ আন প্রায় ৫০খন দেশেও ভাগ ল'ব। মুখ্যমন্ত্ৰীৰ ডাভোছৰ সন্মিলনত অংশগ্রহণে ভৱিষ্যতৰ দিনত অসমে নিশ্চিতকৈ গ্লোবেল ইনভেষ্টমেন্ট হাবৰ স্বীকৃতি লাভকৰিবলৈ সক্ষম হ'ব বুলি তেওঁৰ যাত্ৰাৰ প্ৰাৰম্ভতে চর্চা চলিছে।

ড০ হিমন্ত বিশ্ব শৰ্মা