AI-ৰ দৌৰত পিছ পৰি থকা নাই ভাৰত...

ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৱৰ্ল্ড ইকনমিক ফ’ৰাম। এই ফ’ৰাম ২৩ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব। ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ এক গুৰুত্বপূৰ্ণ বিষয় হ’ল কৃত্ৰিম বুদ্ধিমত্তা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image KDSJFKSDJFKSJDKJSDF

ডিজিটেল ডেস্কঃছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৱৰ্ল্ড ইকনমিক ফ’ৰাম। এই ফ’ৰাম ২৩ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব। ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ এক গুৰুত্বপূৰ্ণ বিষয় হ’ল কৃত্ৰিম বুদ্ধিমত্তা। সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশতেই প্ৰতিদিনেই কৃত্ৰিম বুদ্ধিমত্তা বা AIৰ ওপৰত নতুন নতুন উদ্ভাৱণ তথা পৰীক্ষা কৰি থকা হৈছে। 

কিন্তু প্ৰশ্ন হয় যে- এই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰত পিছ পৰি আছে নেকি? এই প্ৰশ্নৰ উত্তৰত ইনভেষ্টকৰ্প (Investcorp)ৰ মুখ্য কাৰ্যবাহী বিষয়া ঋষি কাপুৰে কয় যে- ভাৰতে AIৰ দৌৰত পিছ পৰা থকা নাই। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ হাতত এক বৃহৎ সুযোগ আছে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, ইনভেষ্টকৰ্পৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে- বিশ্বব্যাপী কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰত পিছ পৰা থকা নাই। ভাৰতৰ হাতত এনে সুযোগ বৰ্তমান সময়ত আছে, যাৰ দ্বাৰা সমগ্ৰ বিশ্বৰ বাবে ব্যৱসায়ৰ কেন্দ্ৰলৈ পৰিণত হ’ব পাৰে ভাৰত।

ঋষি কাপুৰে লগতে কয় যে- ব্যৱসায়িক পৰ্যায়ত (B2B) এজেণ্টিক AI ৰূপায়ণ আৰু বিশ্বজুৰি বিয়পাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিযোগিতামূলক সুবিধাসমূহ আছে। প্ৰযুক্তিৰ উপৰিও ভাৰতৰ অৰ্থনীতিৰ অন্যান্য দিশৰ প্ৰতি আস্থা প্ৰকাশ কৰে কাপুৰে। 

তেওঁ লজিষ্টিকক এক মূল খণ্ড বুলি অভিহিত কৰে, যিয়ে ঘৰুৱা বজাৰৰ লগতে পৰিৱৰ্তিত বিশ্ব যোগান শৃংখলতো ভাৰতৰ ভূমিকাক শক্তিশালী কৰিব। বিত্তীয় সেৱাৰ ক্ষেত্ৰত তেওঁ প্ৰকাশ কৰে যে- ইনভেষ্টকৰ্পে ভাৰতৰ বিত্তীয় সেৱা খণ্ডত শীঘ্ৰে বৃহৎ বিনিয়োগ কৰিব।

উল্লেখ্য যে, ৱর্ল্ড ইকনমিক ফ'ৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। এইবেলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি ভিন্ন দেশৰ ৰাষ্ট্ৰপতি উপস্থিত থাকে। আক্ষৰিক অৰ্থতে দেশৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই তালিকাত অন্তর্ভুক্ত কৰাত নতুন বৰ্ষৰ প্ৰথমৰ সময়খিনিত এক ভাল খবৰ হিচাপে বিবেচিত হৈছে।

পাঁচ দিনীয়া এই সন্মিলনত অসম তথা ভাৰতৰ অন্তর্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি উন্নয়নৰ আৰ্হি আদি উপস্থাপন কৰে আৰু ফ’ৰামৰ বাকী থকা দিন কেইটাটো কৰি থাকিব। ভাৰতৰ দৃষ্টিনন্দন অর্থনৈতিক বিকাশে বিশ্ব জুৰি সকলোৰে দৃষ্টি আকর্ষণ কৰি আহিছে। অসমৰ ক্ষীপ্ৰ উন্নয়ন আৰু সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ বলত এইবাৰ অসমেও সেই সুযোগ লাভ কৰিছে। 

কৃত্ৰিম বুদ্ধিমত্তা