/asomiyapratidin/media/media_files/2026/02/04/cancerrerree-2026-02-04-16-14-28.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত সমগ্ৰ অসমতে বুধবাৰে বিশ্ব কৰ্কট দিৱস পালন কৰে। দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত দৰং জিলা স্বাস্থ্য বিভাগৰ সহযোগত মঙলদৈত বিশ্ব কৰ্কট দিৱস পালন কৰা হয়।
দৰং কৰ্কট কেন্দ্ৰৰ পৰা এটা কৰ্কট ৰোগ সজাগতামূলক সমদল বাহিৰ কৰে। দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই আঁত ধৰা কাৰ্যসূচীত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাঃ চৈয়দ ইফটিখাৰ চোভানীয়ে সমদলটি শুভাৰম্ভণি কৰে।
অনুষ্ঠানত উপস্থিত থাকে ভাৰপ্ৰাপ্ত দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দিল্লী ৰাম অধিকাৰী, দৰং জিলা স্বাস্থ্য বিভাগৰ ডি পি চি গিতিকা দত্ত, দৰং কৰ্কট কেন্দ্ৰৰ স্বাস্থ্য বিষয়া দীপমনি শৰ্মা, চিকিৎসক ডাঃ ছহিদুল ইছলাম, দৰং কৰ্কট কেন্দ্ৰৰ নাৰ্চিং অধীক্ষক চবনম নাৰ্গিছ হুছেইনৰ লগতে দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী আৰু দৰং জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী চিকিৎসক, দৰং জি এন এম নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ জি এন নাৰ্ছ।
দৰং কৰ্কট কেন্দ্ৰৰ এইচ পি ভি ভেকচিন উপলব্ধ আৰু ৯ বছৰৰ পৰা ২৬ বছৰৰ মহিলাসকলে এই ভেকচিন ল'ব পৰিব। দৰং কৰ্কট কেন্দ্ৰত উপলব্ধ এইচ পি ভি ভেকচিন। মঙলদৈ চহৰৰ মাজেৰে উলিওৱা কৰ্কট ৰোগ সজাগতামূলক সমদলৰ মাজতে মঙলদৈ চহৰৰ মাজমজিয়াত এখনি বাটৰ নাট প্ৰদৰ্শন কৰি কেন্সাৰ সজাগতা, এইচ পি ভেকচিন, কেঞ্চাৰ ৰোগৰ লক্ষণ সাৱধানতা সজাগতাৰ ওপৰত প্ৰদৰ্শন কৰে ৰাইজৰ আগত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us