দৰঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক সম্বৰ্ধনা, স্মাৰক পত্ৰ প্ৰদান জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ…

দৰঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক সম্বৰ্ধনা, স্মাৰক পত্ৰ প্ৰদান জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ…

author-image
asomiyapratidin
New Update
দৰঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক সম্বৰ্ধনা, স্মাৰক পত্ৰ প্ৰদান জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ…

দৰঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক সম্বৰ্ধনা, স্মাৰক পত্ৰ প্ৰদান জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ…

Advertisment

ডিজিটেল সংবাদ: সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিয়ে শনিবাৰে দৰঙৰ  উপায়ুক্ত প্ৰভাতী থাওচেন  আৰু জিলাৰ মাননীয় আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰি জাতীয় গামোচা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। খিলঞ্জীয়া ইছলাম ধৰ্মী গৰিয়া মৰিয়া দেশী সকলৰ বিভিন্ন সমস্যা সমাধানৰ  বাবে   একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে |

পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা চহিৰ ভূঞাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে প্ৰদান কৰা স্মাৰক পত্ৰত কেইবাটাও দাবী উত্থান কৰে। ইয়াৰ ভিতৰত  মাধ্যম আন্দোলনৰ প্ৰথম ছহিদ মঙলদৈৰ ফুলকুমলীয়া সন্তান  মোজাম্মিল হকৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে জাতীয় বীৰ ছহিদ গৰাকীৰ মঙলদৈ ঘৰৰ সমীপতে থকা মঙলদৈ অসামৰিক চিকিৎসালয়খন ছহিদ মোজাম্মিল হক অসামৰিক চিকিৎসালয়,মঙলদৈ নামেৰে নামকৰণ কৰা, পৰিচয় সংকটত ভোগা গৰিয়া মৰিয়া দেশীসকলক সুকীয়া জৰীপৰ অন্তত  সাংবিধানিক ৰক্ষা কৱজ  প্ৰদান কৰা, থলুৱা সত্বেও ডি ভোটাৰ হোৱা একাংশ গৰিয়া মৰিয়া দেশী লোকক ডি ভোটাৰ মুক্ত কৰা, দুৰ্ভাগ্যজনক ভাৱে এন আৰ চিৰ পৰা বাদ পৰা একাংশ গৰিয়া মৰিয়া দেশীকে ধৰি থলুৱা  লোকৰ নাম জনগোষ্ঠীয় ভিত্তিত এন আৰ চিত পুনৰ অন্তৰ্ভুক্ত  কৰা , ঐতিহাসিক শৰাইঘাট যুদ্ধৰ সেনাপতি বীৰ লাচিতৰ সহসেনাপতি বীৰ বাঘ হাজৰিকাৰ নামত নামকৰণ কৰা পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যালয় বাঘ হাজৰিকা ভৱন নিৰ্মাণৰ বাবে অৰ্থ মঞ্জুৰিৰ লগতে কাৰ্যালয় স্থাপনৰ বাবে মঙলদৈ নদী আৰু বাণিজ্য মহাবিদ্যালয়ৰ সমীপত প্ৰয়োজনীয় ভূমি আবন্টন  দিয়া আদি  ।

আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক প্ৰদান কৰা এই স্মাৰক পত্ৰত উল্লেখিত দাবীসমূহ কাৰ্যকৰীকৰণৰ বাবে জিলাখনৰ উপায়ুক্তক প্ৰদান কৰাৰ লগতে সমস্যাসমূহৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে  সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিয়ে ।

কেন্দ্ৰীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞাৰ উপৰি সজাতি দলটিৰ আন বিষয়ববীয়া সকল হৈছে কাৰ্যকৰী সভাপতিদ্বয় মকছেদ আলি, খাইৰুল হুছেইন অধিকাৰী,সাধাৰণ সম্পাদক মইনুল হক শইকীয়া, সম্পাদক চাহাবুদ্দিন আহমেদ ৰুইতান,কেন্দ্রীয়  মহিলা পৰিষদৰ সম্পাদিকা মকছিদা বেগম , জিলা উপদেষ্টাদ্বয়,আৰফান আলি আৰু মিজান নুৰ ৰহমান।