নৱম বাৰ্ষিক দৰাবিল মহোৎসৱৰ সফল সামৰণি

পলাশবাৰীৰ দৰাবিল গো চৰণীয়া পথাৰৰ পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত যোৱা ২৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা নৱম বাৰ্ষিক দৰাবিল মহোৎসৱৰ  মঙ্গলবাৰে সফল সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰীৰ দৰাবিল গো চৰণীয়া পথাৰৰ পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত যোৱা ২৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা নৱম বাৰ্ষিক দৰাবিল মহোৎসৱৰ মঙ্গলবাৰে সফল সামৰণি পৰে। এই উপলক্ষে সামৰণিৰ দিনা কবিতা আবৃত্তি,চিত্ৰাংকন, বাটৰ নাট,আৰু খেল ধেমালি, দৰাবিলৰ বাকৰিত স্বচ্ছ অভিযান,মেজি প্ৰজ্বলন আৰু শিৱিৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 

বিয়লি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ আঁত ধৰে পৰিৱেশকৰ্মী তথা এই মহোৎসৱৰ বিষয়ববীয়া উমেশ কলিতাই। এই অনুষ্ঠানত দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱৰ সভাপতি তথা সাংবাদিক  অশ্চিনী কুমাৰ তালুকদাৰ,কবি সাংবাদিক মিলন মহন্তই অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। প্ৰথম দিনা পুৱা শ্বহীদ তৰ্পন আৰু পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি বিপুল হাজৰিকাই,ধৰিত্ৰী উন্মোচন কৰে পৰিৱেশকৰ্মী গিৰিন্দ্ৰ কলিতাই। ইপিনে দৰাবিল মহোৎসৱৰ অস্থায়ী কাৰ্যালয় মুকলি কৰে কংকন কলিতাই। সন্ধিয়া ১৯৮৭ বৰ্ষৰ ২৮ জানুৱাৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি 'বটদ্ৰৱা' স্থানলৈ যোৱাৰ পথত স্বৰ্গগামী হোৱা ৰামপুৰ গাঁৱৰ ৫৫ গৰাকী তীর্থযাত্ৰীৰ দৰাবিল সমাধি ক্ষেত্ৰত ৰাজহুৱাভাৱে বন্তি প্রজ্বলন কৰা হয়। 

WhatsApp Image 2026-01-28 at 12.51.48 PM

উল্লেখ্য যে, দ্বিতীয়দিনা পুৱা দৰাবিল মুখপত্ৰ উন্মোচন কৰে বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মণে,দৰাবিল উদ্যান মুকলি কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই,দুপৰীয়া ভৱিষ্যত দৰাবিল গো-চৰণীয়া পথাৰ আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশ প্ৰদূষণ মুক্ত,পৰিভ্ৰমী চৰাই, নদী শিহু আৰু পর্যটন ক্ষেত্র গঢ়াৰ সম্পৰ্কতম আলোচনা অনুষ্ঠিত কৰা হয়। এই আলোচনাত প্ৰবীন কলিতা,অশ্চিনী কুমাৰ তালুকদাৰ,ৰঘু দাসকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে। 

তৃতীয় দিনা পৰিভ্ৰমী চৰাই নিৰীক্ষণ কেন্দ্ৰ উন্মোচন কৰা হয়।দুপৰীয়া দৰাবিল কুলশী নদীৰ শিহু সংৰক্ষণ,পৰিভ্ৰমী চৰাই আৰু দৰাবিল পর্যটন ক্ষেত্ৰত নিবনুৱা সমস্যা সমাধানৰ উপায় সম্পর্কত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰে। এই আলোচনাত পংকজ লোচন দাস,যাদৱ কিংকৰ, নিজামুদ্দিন আহমেড,ফনীল মজুমদাৰ আদি কৰি বহুকেইজন লোকে অংশগ্ৰহণ কৰে। দুপৰীয়া প্ৰাণপ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী মঞ্চত বর্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। চতুৰ্থ দিনা সম্বৰ্ধনা অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ যে, এই বিলত চৰকাৰে লজিষ্টিক পাৰ্ক স্থাপন কৰিবলৈ ওলাইছে।এই কাৰ্যৰো বিৰোধ কৰে ৰাইজে।

মিৰ্জা