বিশিষ্ট সমাজকৰ্মী দণ্ডধৰ ডেকাৰ দেহাৱসান...

বাইহাটা চাৰিআলিৰ সমীপৰ কৰৰা গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী তথা নেচনেল ইঞ্চিউৰেঞ্চ কোম্পানীৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক প্ৰৱন্ধক দণ্ডধৰ ডেকাৰ শনিবাৰে আবেলি দেহাৱসান ঘটে।

author-image
Asomiya Pratidin
New Update
fdsdsds

ডিজিটেল সংবাদ বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলিৰ সমীপৰ কৰৰা গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী তথা নেচনেল ইঞ্চিউৰেঞ্চ কোম্পানীৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক প্ৰৱন্ধক দণ্ডধৰ ডেকাৰ (৬৩) শনিবাৰে আবেলি এইমছত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। 

Advertisment

বৃহত্তৰ কৰৰা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা ডেকা অসম সাহিত্য সভাৰ আজীৱন সভ্য আছিল। ছাত্ৰ অৱস্থাৰ পৰাই অতি মেধাৱী ডেকাই কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতক উত্তীৰ্ণ হয়। ঘৰুৱা অৱস্থাৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে যদিও শিক্ষাৰ প্ৰতি প্ৰৱল ধাউতি থকা ডেকাই কৰৰা অঞ্চলৰ প্ৰতিটো শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। 

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে-লগে অসংখ্য গুণমুগ্ধ তেওঁৰ ঘৰত উপস্থিত হয়। ২০২৪ বৰ্ষৰ জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰা ডেকাই মৃত্যুৰ সময়ত তেওঁৰ পত্নী, তিনিজন পুত্ৰ, এগৰাকী কন্যা আৰু বহুতো আত্মীয় স্বজনক এৰি থৈ যায়।

তেওঁৰ মৃত্যুত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, বিহদিয়া জাজিকোণা জিলা পৰিষদৰ সদস্য উমেশ ডেকা, বিজেপি বিহদিয়া মণ্ডলৰ সভাপতি ত্ৰৈলোক্য ডেকা, কমলপুৰ সমষ্টি সমিতি অগপৰ সভাপতি নজিম আহমেদ, কৰৰা শতদল সাহিত্য সভা, ইউথ এথলেটিক্স ক্লাব, বাইহাটা চাৰিআলি সাংবাদিক সন্থা, কৰৰা ৰাজহুৱা দুৰ্গা পূজা সমিতি, কৰৰা গণেশ মন্দিৰ পৰিচালনা সমিতি, পিঙ্গলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় পৰিচালনা সমিতি, কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতি, ননৰা উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতি আদি বহু অনুষ্ঠান- প্ৰতিষ্ঠানৰ বিষয়ববীয়াই শোক প্ৰকাশ কৰে।

বাইহাটা চাৰিআলি