ডিজিটেল সংবাদ,জামুগুৰিহাট: জামুগুৰিহাটৰ টুপীয়াৰ জে,জ্যোতি ওৱেষ্টাৰ্ণ দাঞ্চ একাডেমিৰ ৯ গৰাকী কৈ ছাত্ৰ-ছাত্ৰীয়ে মুম্বাইৰ অন্ধেৰীত ১১ডিচেম্বৰত অনুষ্ঠিত হোৱা 2nd international mumbai carnival music and dance competition festival 2024 ৰ গীত, নৃত্যকলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ বঁটা লাভৰ জৰিয়তে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
টুপিয়া নিবাসী সাংস্কৃতিক শিল্পী তথা প্ৰশিক্ষক কাবেৰী পটংগীয়াৰ নেতৃত্বত যোৱা এই ৯ জনীয়া দলটোক টুপিয়াত আয়োজিত এক বৃহৎ অনুষ্ঠানত অভিভাৱক সকলৰ উপস্থিতিত গাঁওবাসী ৰাইজে ফুলাম গামোচাৰে বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে ৷
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সমাজকৰ্মী তথা শিল্পী সাহিত্যিক তুলসী কাৰ্কিয়ে শ্ৰেষ্ঠতাৰ বঁটাপ্ৰাপক ছাত্ৰ-ছাত্ৰী উদীয়মান শিল্পী কেইগৰাকীৰ প্ৰতি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁ কয় যে, এই সকল ছাত্ৰ-ছাত্ৰী আমাৰ দেশৰ ভৱিষ্যত ৷ প্ৰশিক্ষক কাবেৰী পটংগীয়াৰ নেতৃত্বত এই ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অসমৰ একমাত্ৰ দল হিচাবে গৈ সুদুৰ মুম্বাইৰ সাংস্কৃতিক অনুষ্ঠানৰ গীত, নৃত্য-কলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।