লখিমপুৰৰ দুই শিক্ষাগুৰু ডম্বৰুধৰ নেৱাৰ, ভৃগু প্ৰসাদ শৰ্মালৈ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা

কেৱল বিদ্যায়তনিক জ্ঞান কিম্বা শিক্ষাৰে নহয় উৎকৃষ্ট মানৱ সম্পদ হিচাবে আত্মপ্ৰতিষ্ঠাৰ মাৰ্গ দৰ্শনত আত্মনিয়োগ কৰা লখিমপুৰ জিলাৰ দুগৰাকী আদৰ্শ শিক্ষাগুৰু।

author-image
Asomiya Pratidin
New Update
লখিমপুৰৰ দুই শিক্ষাগুৰু ডম্বৰুধৰ নেৱাৰ, ভৃগু প্ৰসাদ শৰ্মালৈ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা

ডিজিটেল সংবাদ, ঢকুৱাখনা: কেৱল বিদ্যায়তনিক জ্ঞান কিম্বা শিক্ষাৰে নহয় উৎকৃষ্ট মানৱ সম্পদ হিচাবে আত্মপ্ৰতিষ্ঠাৰ মাৰ্গ দৰ্শনত আত্মনিয়োগ কৰা লখিমপুৰ জিলাৰ দুগৰাকী আদৰ্শ শিক্ষাগুৰু। শিক্ষার্থীক শৈক্ষিক, আধ্যাত্মিক আৰু শৃঙ্খলিত ভৱিষ্যত গঢ়াৰ জ্ঞান গৰিমা বিলাই অহা এই দুই শিক্ষাগুৰু হ’ল বগীনদীৰ পি এম শ্ৰী তাৰিয়নী বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডম্বৰুধৰ নেৱাৰ আৰু লখিমপুৰ পানী গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ভৃগু প্ৰসাদ শৰ্মা। 

এই দুগৰাকী শিক্ষাগুৰুৰ আত্মোস্বৰ্গী শৈক্ষিক সামাজিক অৱদানৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা-২০২৫ ৰ বাবে নিৰ্বাচিত কৰিছে। লখিমপুৰ জিলাৰ শিক্ষা বিভাগটোৰ লগতে শৈক্ষিক ক্ষেত্ৰখনক সমুজ্জল কৰি ৰাজ্যিক ভিত্তিত এই শ্ৰেষ্ঠত্বৰ সন্মান আজুৰি আনিবলৈ সক্ষম হোৱা এই দুই শিক্ষাগুৰুৰ স্বীকৃতিত গৌৰবান্বিত জিলাবাসী। 

গোগামুখৰ বাসিন্দা প্ৰধান শিক্ষক ডম্বৰুধৰ নেৱাৰে পি এম শ্ৰী তাৰিয়নী বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাবে যোগদান কৰি উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত অতুল্য অৱদান আগবঢ়াই আহিছে। সামাজিক ক্ষেত্ৰখনটো বিশেষ ব্যুৎপত্তি আৰু পাৰদৰ্শিতা থকা নেৱাৰক ইতিপূৰ্বে অসম চৰকাৰৰ জিলা কৃতি শিক্ষক বঁটা-২০২৩ৰে বিভূষিত কৰিছে। 

ইয়াৰোপৰি এটা প্ৰতিষ্ঠিত বেচৰকাৰী সংস্থাই শিক্ষক জ্যোতি বঁটা ২০২৩ প্ৰদান কৰিছিল। এইগৰাকী আদৰ্শ শিক্ষাগুৰুৰ প্ৰতি ৰাজ্য চৰকাৰে ৰাজ্যিক ভিত্তিত কৃতি শিক্ষকৰ বঁটা-২০২৫ আগবঢ়োৱাৰ খবৰে শিক্ষানুষ্ঠান পৰিয়ালৰ লগতে সমগ্ৰ বগীনদীবাসীক উৎফুল্লিত কৰি তুলিছে।

অন্যহাতে বৃহত্তৰ পানী গাঁও অঞ্চলৰ শৈক্ষিক জগতৰ এগৰাকী স্বাভিমানী শিক্ষাগুৰু ভৃগু প্ৰসাদ শৰ্মা। অঞ্চলটোৰে বাসিন্দা স্নাতকোত্তৰ শিক্ষক শৰ্মাই ২০১০ চনতে বিজ্ঞান বিষয়ৰ অতিৰিক্ত শিক্ষক হিচাবে বিদ্যালয়ত যোগদান কৰি সম্প্ৰতি নিয়মীয়া সহকাৰী শিক্ষকৰ নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। 

বৃহত্তৰ অঞ্চলটোৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলত বিজ্ঞান শিক্ষাৰ প্ৰচাৰ প্ৰসাৰ আৰু এক বিজ্ঞান মনস্ক পৰিবেশ গঢ়াত আত্মনিয়োগ কৰি অহা শৰ্মাই পাৰিপাৰ্শ্বিক পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাতো অতুল্য অৱদান আগবঢ়াই গৈছে। ৰঙা নদীয়ে ৰিঙিয়াই, এলাগী বান্ধোন, পিক আদি চুটি নাট ৰচনা আৰু ছবি নিৰ্মাণৰ জড়িয়তে সমাজ উত্তৰণমুখী বাস্তৱ সন্মত চিন্তাৰ সজাগতা বৃদ্ধিত মেটমৰা অৰিহণা আগবঢ়াই অহা শৰ্মাক ২০২৩ বর্ষত জিলা ভিত্তিত কৃতি শিক্ষকৰ বঁটাৰে বিভূষিত কৰা হৈছিল। 

জিলাখনৰ এই দুগৰাকী শিক্ষাগুৰুক ৰাজ্যিক ভিত্তিত কৃতি শিক্ষকৰ সন্মানেৰে অলংকৃত কৰাত জিলাখনৰ শিক্ষাসদী ৰাইজ ব্যক্তি সংগঠনে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

কৃতী শিক্ষক শিক্ষক