/asomiyapratidin/media/media_files/2025/09/03/jogen-mohan-3-2025-09-03-15-14-03.jpg)
ডিজিটেল সংবাদ শিৱসাগৰঃ অসমীয়া জাতিৰ পিতৃ পুৰুষ তথা বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম যাতে তথ্য সম্বলিতভাৱে চিনাক্ত কৰিব পাৰি সেই উদ্দেশ্যে আজি অসম চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত শিৱসাগৰ জিলাৰ লাংকুৰি দেওশাল প্ৰাংগনত ডাম-ফী পূজা অনুষ্ঠিত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/03/jogen-2025-09-03-15-13-50.jpg)
অসম চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ অনুমোদিত ১ কোটি ৮ লাখ টকাৰ পুঁজিৰে দেওশালখনৰ উন্নয়ণৰ বাবে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ফিটা কাটি আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, বুৰঞ্জীবিদ পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকন, আটাছু, টাইপা আদি সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে বহু কেইজন গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us