পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে তিনিদিনীয়াকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

আটক ধুনীয়া আয়োজনেৰে প্ৰাণোচ্ছল হৈ পৰা বিদ্যালয় চৌহদত অগণন শিক্ষাৰ্থীৰ উপস্থিতিত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান, বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জনাই ন্যায় প্ৰাপ্তি কামনা কৰে উদযাপন সমিতিৰ উপদেষ্টা অনন্ত কুমাৰ দত্তই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ বিগত ৫৯ বছৰীয়া বৰ্ণিল শৈক্ষিক যাত্ৰাৰ সন্ধিক্ষণত উপনীত হোৱা ঢকুৱাখনাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়। পশ্চিম ঢকুৱাখনাৰ খজুৱা তিনি আলিত অৱস্থিত এইখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়া সমন্বয় তীৰ্থ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ ।  ১৯৬৬ চনৰে পৰা নিৰন্তৰ ভাবে গুণগত শিক্ষাৰ গৰিমা বিলাই অহা এইখন শিক্ষানুষ্ঠানৰ প্ৰায় ৬ দশক জোৰা শৈক্ষিক  যাত্ৰাৰ মধুৰ  স্মৃতি ৰোমন্থন  কৰাৰ মানসেৰে বছৰজুৰি উদযাপিত কৰি অহা  সমন্বয় তীৰ্থ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সামৰণি অনুস্থান শুক্ৰবাৰে শুভাৰম্ভ হোৱাৰ পাছত তিনি দিনীয়াকৈ অনুষ্ঠিত হ'ব।

235c02f2-e685-4033-943c-be4aadd9562f

বিদ্যালয়ৰ পৰিয়ালৰ উৎসাহ উদীপনাৰ মাজত বিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক দুলু শইকীয়াৰ বিদ্যালয়ৰ পতাকা উত্তোলন আৰু উদযাপন সমিতিৰ সভাপতি ভৰত চন্দ্ৰ দত্তৰ সমাৰোহৰ মূল পতাকা উত্তোলনৰ লগতে ৫৯ খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে প্ৰথম দিনৰ কাৰ্যসূচী । বিদ্যালয় পৰিয়াল,পৰিচালনা সমিতি, কৰ্ণধাৰ সমিতি ,প্ৰাক্তন শিক্ষাৰ্থী ,স্থানীয় ৰাইজ অভিভাৱকৰ আগমনৰ মাজত পতাকা উত্তোলনৰ পাছতেই  স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ক্ৰমে ৰমেন চেতিয়া আৰু সুৰেন দত্তই । আটক ধুনীয়া আয়োজনেৰে প্ৰাণোচ্ছল হৈ পৰা বিদ্যালয় চৌহদত অগণন শিক্ষাৰ্থীৰ উপস্থিতিত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান, বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জনাই ন্যায় প্ৰাপ্তি কামনা কৰে উদযাপন সমিতিৰ উপদেষ্টা অনন্ত কুমাৰ দত্তই।

17d90deb-05ec-4720-894d-b4aebb90f4f4

দুপৰীয়ালৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু মাতৃ গোটৰ দ্বাৰা পৰিবেশিত হোৱা এক মনোমোহা  সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মৰা হয়  ।সমাৰোহৰ  দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি কাইলৈ  দুপৰীয়া "নতুন শিক্ষা নীতি-২০২০" প্ৰত্যাহ্বান আৰু প্ৰত্যাশা" শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব । অধ্যক্ষ দুলু শইকীয়াই উদ্বোধন কৰিব লগা এই অনুষ্ঠানত আলোচক হিচাবে খেৰাজখাত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক  তোলন ওজা, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ বিশ্বজিৎ দত্ত আৰু  উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মনোৰঞ্জন দত্তই অংশগ্ৰহণ কৰিব। দুপৰীয়া সমাৰোহৰ স্মৃতিগ্ৰন্থ ৰাজু কুমাৰ চেতিয়াৰ সম্পাদনাত, ৰিমঝিম লাহনৰ সহকাৰী সম্পাদনাত  প্ৰকাশ হব লগা " সমন্বয় সাঁকো" উন্মোচন কৰিব নাওবৈছা মহাবিদ্যালয়ৰ অধ্যাপক, প্ৰাক্তন শিক্ষাৰ্থী গুণ দত্তই। 

226bb83e-e055-4092-9653-24cc43f7af04

ইয়াৰ পাছতেই   প্ৰাক্তন ছাত্ৰ , শিক্ষাবিদ মানস জ্যোতি নেওগৰ সঞ্চালনাত অনুষ্ঠিত হব প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠান আৰু পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানৰ। অন্তিম দিনা  সমাৰোহৰ মুকলি সভা উদ্বোধন কৰিব ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ বৰাই।উদযাপন সমিতিৰ সভাপতি ভৰত চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা মুকলি সভাত মুখ্য অতিথি হিচাবে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উপাচাৰ্য ডঃ মুকুল চন্দ্ৰ বৰা , নিৰ্দিষ্ট বক্তা হিচাবে  মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ তৰুণ কুমাৰ নাথ , বিশিষ্ট অতিথি হিচাপে লখিমপুৰ চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া , মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দ্বীপেন শইকীয়া, অসম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডঃ তৰুণ দত্ত , সৰুপথাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক  কৃষ্ণ কমল কোঁৱৰ , প্ৰবীণ শিক্ষাবিদ পদ্মেশ্বৰ দত্ত , মানস জ্যোতি নেওগ আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। বিয়লি অসমীয়া লোক কৃষ্টি সংস্কৃতি , গ্ৰাম্য চহা জীৱনৰ চহকী প্ৰতিভূ  সম্বল সমূহৰ প্ৰতীকী উপস্থাপনেৰে এক বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰি সমাৰোহৰ সফল সামৰণি মৰা হ'ব । সমাৰোহৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল পৰিসমাপ্তিৰ দৰে অন্য দিন সমূহৰ কার্যসূচীতো শিক্ষাব্ৰতী শুভাকাংক্ষী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি সমাৰোহৰ আদৰণি সমিতিৰ সম্পাদিকা ডিম্পী বৰগোঁহাইয়ে আন্তৰিকতাৰে  কামনা কৰিছে ।

ঢকুৱাখনা