/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-21-03-58.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বৃহত্তৰ হাৰ্হি অঞ্চলত গুণগত আনুষ্ঠানিক শিক্ষা প্ৰসাৰণত বাটকটীয়া ভূমিকা গ্ৰহণ কৰি অহা পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী মহোৎসৱ শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ শুভাৰম্ভ হয়।
অঞ্চলটোৰ স্থানীয় ৰাইজ , বিদ্যালয়ৰ পৰিয়ালৰ সহযোগিতাত উদযাপন সমিতিয়ে অহোপুৰুষাৰ্থ শ্ৰমৰ অন্তত অগণন শিক্ষাব্ৰতীৰ উপস্থিতিত শুক্ৰবাৰে পুৱা মূল পতাকা উত্তোলন কৰে । উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আনন্দ বৰাই এই পতাকা উত্তোলন কৰা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-2026-01-30-21-02-10.jpeg)
১৯৩৬ চনত স্থাপিত হোৱা গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়খনৰ গৌৰৱময় ইতিহাস শ্ৰদ্ধাশীল স্মৰণ কৰি অনাদি অনন্ত কাললৈ জ্ঞানৰ গৰিমা বিলাই যোৱাৰ কামনাৰে জয়ন্তীৰ মূল পতাকা উত্তোলন কৰি কাৰ্যকৰী সভাপতি বৰাই প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমান পৰ্যন্ত যিসকল শিক্ষানুৰাগী ,জ্ঞানী বিজ্ঞই অতুল্য অৱদান আগবঢ়াই গল তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-20-2026-01-30-21-02-36.jpeg)
ইয়াৰ সমান্তৰাল ভাৱে বিদ্যালয়খনৰ ইতিহাস বিজড়িত মুঠ ৭৪ গৰাকী গণ্য মান্য ব্যক্তিৰ জৰিয়তে ৭৪ খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছতে বিদ্যালয়ৰ শীর্ষ গীতৰ উন্মোচন কৰে প্ৰবীণ সাংস্কৃতিক কৰ্মী তথা শিক্ষাবিদ মিঠাৰাম চেতিয়াই। অঞ্চলটোত পাৰ ভঙা উছাহৰ সৃষ্টি কৰা জয়ন্তীৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথম দিনা মঞ্চ উদ্বোধন,প্ৰদৰ্শনী আৰু বাণিজ্য আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন আৰু উদযাপন সমিতি-উপ সমিতি সমূহৰ বিশেষ সন্মিলন অনুষ্ঠিত হয় কাৰ্যকৰী সভাপতি আনন্দ বৰাৰ সঞ্চালনাত।
দুপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক যোগেন্দ্ৰ নাথ দত্তৰ স্মাৰক বক্তৃতাত মুখ্য বক্তা হিচাবে প্ৰবীণ শিক্ষাবিদ উমেশ চন্দ্ৰ শইকীয়াই অংশগ্ৰহণ কৰে। সন্ধিয়ালৈ বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ অভিনীত ভাওনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us