ফাটবিহু বাকৰিত  ড° ভূপেন হাজৰিকা-জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ শিলান্যাস স্থাপন

ঢকুৱাখনাৰ আয়ুস ৰেখা চাৰিকড়ীয়া নদীৰ অৱবাহিকাৰ ম'হঘুলি চাপৰিৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত সমন্বয়ৰ তীৰ্থ এই ফাটবিহু বাকৰি । অসমীয়া জাতীয় জীৱনৰ দুই কিম্বদন্তি মহাপুৰুষৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ শিলান্যাস স্থাপন কৰে এই বিহু বাকৰিত ।

author-image
Asomiya Pratidin
New Update
AP WEB new

 ডিজিটেল সংবাদ,ঢকুৱাখনাঃ অসমীয়া জাতীয় লোক কৃষ্টি সংস্কৃতিৰ বৰভেঁটি ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু । ঢকুৱাখনাৰ আয়ুস ৰেখা চাৰিকড়ীয়া নদীৰ অৱবাহিকাৰ ম'হঘুলি চাপৰিৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত সমন্বয়ৰ তীৰ্থ এই ফাটবিহু বাকৰি । অসমীয়া জাতীয় জীৱনৰ দুই কিম্বদন্তি মহাপুৰুষৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ শিলান্যাস স্থাপন কৰে এই বিহু বাকৰিত । 

ফাটবিহু বাকৰিত সমবেত অগণন ৰাইজৰ উপস্থিতিত অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু হিয়াৰ স্পন্দন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয়। মঙলবাৰে দুপৰীয়া সুধাকণ্ঠ জন্ম শতবার্ষিকী আৰু জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম তিথি উপলক্ষত জনাকীৰ্ণ পৰিৱেশত দুয়োগৰাকী বিশ্ব বৰেণ্য সংগীত শিল্পীলৈ শ্রদ্ধা জনাই প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠান সম্পন্ন হয়। 

উল্লেখ্য যে এই সন্দৰ্ভত বিহু বাকৰিত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ আগবঢ়াই সভাপতি বসন্ত শইকীয়াই । ফাটবিহু সমিতিৰ সম্পাদক প্ৰশান্ত হাজৰিকাৰ লগতে উত্তম বৰুৱা , চিত্ৰ ৰঞ্জন দাস ,কেশৱ গগৈ, যতীন বৰুৱা , ভদ্ৰ গগৈ , হেমেশ্বৰ পেগু, ৰাজা বৰুৱা, ৰঞ্জিত সন্দিকৈ ,ভাস্কৰ দাস , বিনোদ গগৈ , চন্দ্ৰজিত শইকীয়া ,চেনিৰাম গগৈ,অনিল দত্ত , সহ অন্যান্য সকলো বিষয়ববীয়া , কৰ্মকর্তা , দুই বিশ্ব বৰেণ্য সংগীত শিল্পীৰ কেইবা শতাধিক অনুৰাগীৰ জাতীয় সাজপাৰ পৰিহিত এক নান্দনিক পৰিবেশৰ মাজত শিলান্যাস পৰ্বৰ শুভাৰম্ভ  কৰে সভাপতি বসন্ত শইকীয়াই । ইয়াৰ পূৰ্বে দুই বৰেণ্য সংগীত শিল্পীলৈ শ্ৰদ্ধা জনাই অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । 

আনফালে ভাৰত ৰত্ন  ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে..." আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ " মায়াবিনী ৰাতিৰ বুকুত..."শীৰ্ষক দুটি শ্ৰুতিমধুৰ বৃন্দগানেৰে শুভাৰম্ভ কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে গায়ন বায়ন দলৰ গুৰু ঘাট , ঢুলীয়া বিহুৱা বিহুৱতীৰ হৃদয়স্পৰ্শী বিহু নাম আৰু মাংগলিক কাৰ্যৰ মাজত দুই সংগীত শিল্পীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ভূমি পূজন কৰাৰ লগতে শিলান্যাস কৰে সভাপতি বসন্ত শইকীয়াই। নিজৰ আদৰণি বক্তব্যত সভাপতি বসন্ত শইকীয়াই বিশ্ব বন্দিত ফাটবিহু বাকৰিত দুই বিশ্ব বৰেণ্য সংগীত সাধকৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ এই প্ৰচেষ্টাৰ মাজতে কথাশিল্পী ,চাৰিকড়ীয়াৰ জনক , স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিকো স্মৰণ কৰি প্ৰজ্ঞাৰ সাধক গৰাকীকো পাহৰি যোৱা নাই বুলি কৈ সামৰ্থ্য অনুযায়ী পৰ্যায় ক্ৰমে ব্যৱস্থা গ্ৰহণৰ প্ৰয়াস কৰিব বুলি কয় ।লগতে ফাটবিহু সমিতিৰ উদ্যোগত ফাটবিহুৰ পুঁজিৰে , শুভাকাংক্ষী ৰাইজৰ সহযোগত ফাটবিহু বাকৰিত দুই নিখুঁত আৰু অবিকল প্ৰতিমূৰ্তি নিৰ্মান কাম দ্ৰুতগতিত চলিব আৰু কোনো এক শুভক্ষণত এই দুই প্ৰতিমূৰ্তি উন্মোচনৰ ব্যৱস্থা গ্ৰহণ কৰিব সমিতিয়ে ।

ঢকুৱাখনা