এখন বাতকতিয়া শিক্ষানুষ্ঠানে গৰকিলে ৭৫ টা গৌৰৱোজ্জ্বল বর্ষ

ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলত জ্ঞানৰ গৰিমা বিলাই অহা এখন নামজ্বলা শিক্ষানুষ্ঠান পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয় ।  ১৯৫০ চনৰ ১৪ নৱেম্বৰত  প্ৰাণ প্ৰতিষ্ঠা হোৱা হাৰ্হি অঞ্চলৰ এইখন বাটকতিয়া শিক্ষানুষ্ঠানে গৰকিলে ৭৫ টা গৌৰৱোজ্জ্বল বর্ষ ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-14 at 1.10.55 PM

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলত জ্ঞানৰ গৰিমা বিলাই অহা এখন নামজ্বলা শিক্ষানুষ্ঠান পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয় ।  ১৯৫০ চনৰ ১৪ নৱেম্বৰত  প্ৰাণ প্ৰতিষ্ঠা হোৱা হাৰ্হি অঞ্চলৰ এইখন বাতকতিয়া শিক্ষানুষ্ঠানে গৰকিলে ৭৫ টা গৌৰৱোজ্জ্বল বর্ষ ।

তাৰোপৰি অলেখ উৎকৃষ্ট মানৱ সম্পদৰ স্ৰষ্টাকাৰী এই বিদ্যাৰ মন্দিৰৰ স্বৰ্ণিল ইতিহাস ৰোমন্থন আৰু সমুজ্জল বৰ্তমানক অধিক গৰিমাময় কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে ৭৫ বছৰ অতিক্ৰমা গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী উৎসৱৰ । 

উল্লেখ্য যে অহা ২০২৬ বর্ষৰ ৩০ আৰু ৩১ জানুৱাৰী আৰু ১ফেব্ৰুৱাৰীত ৩ দিনীয়াকৈ প্ৰায় ২৫ লক্ষাধিক পুঁজি ব্যয়ৰে অনুষ্ঠিত হ'ব লগা মহাৰজত জয়ন্তী মহোৎসৱৰ উদযাপন সতে সংগতি ৰাখি  আজি অনুষ্ঠিত হয় এক অনুষ্ঠান।   বিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই মহাৰজত জয়ন্তী মহোৎসৱৰ "শুভাৰম্ভন" অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰাৰম্ভিক কাৰ্যসূচী গ্ৰহণ কৰে । এই "শুভাৰম্ভন" অনুষ্ঠান ভাগিৰ অংশ হিচাবে  ১১ বজাত অসম গৌৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । জ্যেষ্ঠ নাগৰিক যতীন বৰুৱাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ  সম্পন্ন কৰাৰ পাছত খেল পথাৰত  মূল মণ্ডপৰ লাই খুঁটা স্থাপন কৰে ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত সংস্কৃতি ছুমানীয়ে । 

আনফালে উদযাপন সমিতিৰ  কাৰ্যকৰী সভাপতি আনন্দ বৰা , সম্পাদক প্ৰধান শিক্ষক দিব্য বৰুৱা , বিত্ত  উপ সমিতিৰ সভাপতি পৃথু বৰা ,  সহকাৰী সম্পাদক দীনেশ কোচ , স্মৃতি গ্ৰন্থ সমিতিৰ সভাপতি অজিত কোচ ,জ্যেষ্ঠ নাগৰিক বসন্ত দত্ত বৰা ,  বিপিন বৰা ,ললিত বৰা , হেম গগৈ বৰা , লাবন্য শইকীয়া বৰুৱা , নৰ কোচ , নিত্যা দত্ত ,সদা দত্ত আদি ঢকুৱাখনাৰ শিক্ষানুৰাগী শুভাকাংক্ষী ৰাইজ , উদযাপন সমিতি ,বিদ্যালয় পৰিয়ালৰ উপস্থিতিত আয়তীৰ উৰুলি আৰু গায়ন বায়নৰ মাজত এই পবিত্ৰ কাৰ্য সম্পন্ন  হয় ।

তাৰোপৰি বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ  কণ্ঠৰ শ্ৰুতিমধুৰ "মায়াবিনী ৰাতিৰ বুকুত..." শীৰ্ষক বৃন্দ গানেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ এই পবিত্ৰ লাইখুঁটা  স্থাপনৰ পাছতে  উদযাপন সমিতিৰ এখন বিশেষ সভা অনুষ্ঠিত হয় । 

আনফালে ঢকুৱাখনা সমজিলাবাসীৰ লগতে  বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ সকলো শিক্ষাব্ৰতী ৰাইজ ,অভিভাৱক , প্ৰাক্তন শিক্ষক শিক্ষাৰ্থীক মহোৎসৱৰ এই প্ৰথম  মাংগলিক কাৰ্যসূচী ভাগিত উপস্থিত থাকি উৎসাহপূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আনন্দ বৰাই কৃতজ্ঞতা জনাইছে ।

ঢকুৱাখনা