/asomiyapratidin/media/media_files/2026/02/27/mirzaclg-2026-02-27-18-45-13.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শদান কোষে আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সহযোগত বৃহস্পতিবাৰে 'সমাযোজন প্ৰত্যাহ্বান আৰু ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য' শীৰ্ষক এখনি বক্তৃতানুষ্ঠান আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
এই মহাবিদ্যালয়ৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শ দান কোষৰ আহ্বায়িকা তথা শিক্ষা বিভাগৰ অধ্যাপিকা ড০ ভবানী বৈশ্যই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মাধুৰী শইকীয়াই।
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি চমু বক্তব্য প্ৰদান কৰে কোচপাৰা গাঁও পঞ্চায়তৰ সভাপতি অমৰজ্যোতি গোস্বামীয়ে। মূল বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ শ্ৰদ্ধা বসুৱে। তেওঁ মানসিক স্বাস্থ্যৰ লগত জড়িত বিভিন্ন দিশসমূহৰ লগতে মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাৰ বিভিন্ন উপায়সমূহৰ ওপৰত এক সুন্দৰ বক্তৃতা প্ৰদান কৰে।
তেওঁ কয়- মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে ধ্যান, স্বাস্থ্যসন্মত খাদ্যাভ্যাস, স্বাস্থ্যসন্মত জীৱনশৈলী আদিৰ প্ৰয়োজন। সমাযোজনৰ সমস্যাই যে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় সেই দিশটোৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰে। বক্তৃতা অনুষ্ঠানৰ পিছত ড০ বসুই ছাত্ৰ-ছাত্ৰী সকলক মানসিক স্বাস্থ্যৰ লগত জড়িত প্ৰত্যক্ষ কাৰ্যকলাপ কৰোৱায়।
এই অনুষ্ঠানটিত ক্ৰমে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় মানসিক স্বাস্থ্য আৰু পৰামৰ্শ দান কোষৰ সদস্যা অধ্যাপিকা অনামিকা অধিকাৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us