/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-17-34-04.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ টাই আহোমসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে- ফী বিগত বৰ্ষবোৰৰ দৰে চলিত বৰ্ষতো ঢকুৱাখনাত কেন্দ্ৰীয় ভাবে উদযাপনৰ প্ৰস্তুতি চলিছে। ঢকুৱাখনা নগৰৰ তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্র অসমৰ উদ্যোগত ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু জ্ঞাতিবৰ্গৰ সহযোগত কেন্দ্ৰ প্ৰাঙ্গনত অহা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ এই ধৰ্মীয় পৰম্পৰা অনুষ্ঠিত কৰাৰ তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-image-2026-2026-01-29-17-34-23.jpeg)
সেই অনুক্ৰমে প্ৰথম দিনা পতাকা উত্তোলন কৰিব বিকাশ কেন্দ্ৰৰ সভাপতি চাও প্ৰদীপ চমুৱাই । ইয়াৰ পাছতে শিক্ষাৰ্থী সকলৰ মাজত সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব । দুপৰীয়ালৈ অনুষ্ঠিত হ'ব লগা দিহা নাম প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব নাং স্বৰ্ণলতা চমুৱাই । বিয়লিলৈ বান ফ্রী পূজা সম্পন্ন কৰিব চাও টংকেশ্বৰ গগৈয়ে। দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী মৈদাম তৰ্পণ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি চাও ৰঞ্জিত সন্দিকৈয়ে ।
ইয়াৰ পাছতে স্বৰ্গদেউ চ্যুকাফাৰ স্থায়ী প্ৰতিমূৰ্তিত পুষ্প মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিব বিকাশ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি চাও হেমন্ত গগৈয়ে । পুৱা ৯-৩০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব বিকাশ কেন্দ্ৰ প্ৰাঙ্গনৰ পৰা। এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব তাই আহোম উন্নয়ন পৰিষদৰ কাৰ্যকৰী সদস্য নাং যুতিমালা বুঢ়াগোঁহাইয়ে । পৰৱৰ্তী সময়ত মুখপত্ৰ "বান ফাই" উন্মোচন কৰিব প্ৰবীণ সাংবাদিক কুশল গগৈয়ে । বিয়লিলৈ অনুষ্ঠিত হ'ব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে বিধায়ক নৱ দলে ,সাংসদ প্ৰদান বৰুৱা,বিশিষ্ট অতিথি হিচাবে সাংবাদিক নাং এঞ্জেলা চাংমাই ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী নাং ছোনিয়া বৰগোঁহাই , নিৰ্দিষ্ট বক্তা হিচাবে চাও ডিম্বেশ্বৰ গগৈকে প্ৰমুখ্য কৰি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। বিকাশ কেন্দ্ৰৰ সভাপতি চাও প্ৰদীপ চমুৱাই দুয়োটা দিনৰ সমূহ কাৰ্যসূচীত জ্ঞাতি বৰ্গৰ লগতে শুভাকাংক্ষী ৰাইজৰ উপস্থিতি কামনা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us