/asomiyapratidin/media/media_files/2025/11/13/new-ap-web-6-13-2025-11-13-13-16-01.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: মৰণ ফাণ্ডলৈ পৰিণত হৈছে ঢকুৱাখনা -ঘিলামৰা ৰাজ্যিক ঘাইপথ। দৈনিক ইটোৰ পাছত সিটো পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বহুজন লোকে। বুধবাৰে বিয়লিও সংঘটিত হৈছিল এক মৰ্মান্তিক পথ দুৰ্ঘটনা । য'ত এজন নিৰীহ বৃদ্ধৰ মৃত্যু হয় ।
উল্লেখ্য় যে,বুধবাৰে বিয়লি ঢকুৱাখনা- ঘিলামৰা ৰাজ্যিক ঘাইপথৰ দাঁতিৰে খোজ কাঢ়ি গৈছিল ঘিলামৰা লেলুৱনী গাঁৱৰ এগৰাকী লোকে। নাম যোগেশ্বৰ চেতিয়া । ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এই পথৰ দাঁতিৰে গৈ থকা অৱস্থাতে যোগেশ্বৰ চেতিয়াক AS07- X- 4826 নম্বৰৰ এখন বাইকে তীব্ৰ বেগত খুন্দিয়াই লগতে গুৰুত্বৰভাৱে আহত হয় লোকজন।
আনফালে ঘটনাৰ প্ৰত্যক্ষদৰ্শী ৰাইজে আহত লোকজনক ঘিলামৰা সামূহিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰি প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে । কিন্তু লোকজনৰ অৱস্থা সংকতজনক হোৱাত চিকিৎসকে আহত লোকজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে যদিও যাত্ৰাপথত ধেমাজিত উপস্থিত হোৱাৰ সময়তে অকাল মৃত্যুক আকোৱালি লয় লোকজনে। ।
ইপিনে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ আৰোহী ক্ৰমে ঢকুৱাখনা থানাৰ অন্তৰ্গত ঢকুৱাখনা নগৰৰ ম'হঘুলি চাপৰিৰ মুনু কোঁৱৰ আৰু ধেমাজিৰ মাছখোৱা আৰক্ষী থানাৰ অন্তৰ্গত যোৰকটা কাঠগাঁৱৰ গহীন দুৱৰাক আটক কৰিছে ঘিলামৰা আৰক্ষীয়ে । লগতে যুৱক দুজনৰ পৰা জব্দ কৰিছে বাইকখন । আনপিনে এটা গোচৰ ৰুজু কৰি ঘিলামৰা আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধান অব্যাহত ৰাখিছে।
উল্সেখ্য যে এনেদৰে এগৰাকী বৃদ্ধ লোকৰ মৰ্মান্তিক বিয়োগত শোকৰ ছাঁ পৰিছে সমগ্ৰ ঘিলামৰাত । ঘিলামৰাৰ বিভিন্ন ব্যক্তি সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে লগতে দাবী তুলিছে যে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us