/asomiyapratidin/media/media_files/2025/11/14/new-ap-web-6-14-2025-11-14-12-20-28.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা নগৰৰ মাজমজিয়াত অৱস্থিত প্ৰায় ৫ বিঘামাটি কালিৰে পৰিবেষ্টিত "শান্তি ধাম" । ঢকুৱাখনাবাসীৰ ৰাজহুৱা শ্মশান হিচাবে পৰিচিত চাৰিকড়ীয়া নদীৰ পাৰত অৱস্থিত এই "শান্তি ধাম"ৰ এটা দীৰ্ঘদিনীয়া অভাৱ সমস্যাৰ বৃহস্পতিবাৰে স্থায়ী সমাধান হয়। চুতীয়া উন্নয়ন পৰিষদ অসমৰ বদান্যতাত স্থায়ী সমাধানৰ পথ প্ৰশস্ত হৈ শান্তি ধামৰ চৌহদত এটা শান্তি গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে ।
উল্লেখ্য যে বৃহস্পতিবাৰে দুপৰীয়া এই সন্দৰ্ভত এক আনুষ্ঠানিক পৰ্বও অনুষ্ঠিত কৰে। ঢকুৱাখনাৰ বিশিষ্ট নাগৰিক, সুলেখক , প্ৰবীণ শিক্ষাবিদ ,সমাজহিতৈষী ,ৰাজহুৱা শ্মশাম উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি চবিলাল জৈনে এক মাংগলিক পৰিবেশত বৃহস্পতি বাৰে এই পূণ্য গৃহৰ আধাৰশিলা স্থাপন কৰে । ৰ'দে বৰষুণে অব্যক্ত সমস্যাৰ মাজত মৃতকৰ শেষকৃত্য সম্পন্ন কৰা আত্মীয় ,গুণগ্ৰাহী ৰাইজে প্ৰতিক্ষণে অনুভৱ কৰি অহা এটা জিৰণি গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকে।
আনফালে,চুতীয়া উন্নয়ন পৰিষদ অসমৰ সদস্য তথা চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়া , উন্নয়ন পৰিষদৰ সদস্য বিশিষ্ট নাগৰিক চিত্তৰঞ্জন দাস আৰু ৰত্নেশ্বৰ বৰা ,ঢকুৱাখনা ব্যৱসায় সন্থাৰ সম্পাদক পূৰ্ণ চুতীয়া , ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস আৰু ৱাৰ্ড কমিছনাৰ টিলেন দাস , উদ্যোগী যুৱক যদুমণি (বাবা) চুতীয়া , অজিত সাগৰ চুতীয়াকে প্ৰমুখ্য কৰি বহু সংখ্যক ৰাইজ । তাৰোপৰি চুতীয়া উন্নয়ন পৰিষদ অসমৰ অন্যতম জ্যেষ্ঠ সদস্য চিত্ৰ ৰঞ্জন দাসৰ ২০২৩-২০২৪ বর্ষৰ উন্নয়ন শিতানৰ প্ৰায় ৩ লাখ পুঁজিৰে এই জিৰণি গৃহটো নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰাৰ বাবে অজস্ৰজনে দাসৰ এই মহানুভৱতাৰ শলাগ লৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us