দক্ষিণ কামৰূপৰ নাট্যজগতৰ বলিষ্ঠ নাট্যকৰ্মী গোপেশ চৌধুৰীলৈ বিহগী মিডিয়া গ্ৰুপ,অসমৰ নাট্য ৰত্ন ৰামধেনু বঁটা

এজন নাট্যকৰ্মী হিচাপে পৰিচিতি থকা চৌধুৰীয়ে ছয়গাঁও ৰাস মহোৎসৱৰ যাত্ৰা নাট প্ৰতিযোগিতাটো শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। তেওঁ নাটৰ মাজেৰে গৈ অসমৰ সংস্কৃতিৰ পথাৰত থাকি নিজক প্ৰতিষ্ঠা কৰাৰ লগতে সংস্কৃতিৰ পথাৰখন জীপাল কৰাৰ বাবে সদায়েই চেষ্টা চলাই গৈছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দক্ষিণ কামৰূপৰ নাট্যজগতৰ এক জনপ্ৰিয় নাট্যকাৰ,পৰিচালক গোপেশ চৌধুৰী। তেওঁৰ জন্ম পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ সমীপৰ কল্লাপাৰাত। ১৯৮২ বৰ্ষত অভিনয় জীৱন আৰম্ভ কৰি ৰাইজৰ ক্ৰমশঃ প্ৰিয় ভাজন হৈ পৰে। 

নাটকৰ প্ৰতি থকা আকৰ্ষণৰ বাবে হাতত কলমলৈ নাট ৰচনা কৰি জ্যোতিৰূপা একাঙ্ক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এনেকৈ নাটৰ মাজেৰে গৈ তেওঁ ক্ৰমশঃ একাঙ্কিকা নাট আৰ্তনাদ, বলি কটা দা,ৰণুৱা ঘোঁৰা, আশ্ৰয়,তাবিজ আদি লিখি উলিয়াই বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনে। তেওঁ ৰচনা কৰা পূৰ্ণাংগ নাটসমূহ- চাকনৈয়া, জোনাক নিশাৰ হাহি, ৰূপালী নদীৰ ঢৌ, কাল ধুমুহা, অগ্নি পুত্ৰ, ধুমুহা নিশাৰ গান, জতুগৃহ,ৰক্ত তৃষ্ণা,হিয়াত নুফুলা ফুল, (অভিযোজনা,)মান্ধাতা, শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, অশ্বমেধ,স্বম্ভাৱামী যুগে যুগে,মুখাগ্নি, নাম তাইৰ তৰালী ,তাবিজ, চক্ৰবেহু, জেৰেঙাৰ জয়া আদি। ১৯৯০ বৰ্ষত প্ৰথম পূৰ্ণাঙ্গ নাট "বৰদৈচিলা" লিখি উলী-৮২ নামৰ নাট্য দলৰ দ্বাৰা সন্মিলিত তিনিআলিৰ সংঘৰ স্থায়ী মঞ্চত মঞ্চস্থ কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 

WhatsApp Image 2026-01-01 at 12.21.08 PM

১৯৯২ বৰ্ষত চৌধুৰীয়ে " চিলা নামেৰে এটা অপেছাদাৰী নাট্য দল গঠন কৰি " শৃংখল,জয়মতী, মানুহ অমানুহ, কেঁচা মাটিৰ সাঁচ,ৰং দিয়া পুতলা ,১৯৯০- এক ইতিহাস আদি নাট ৰচনা কৰাৰ লগতে পৰিচালনাৰে এচাম নতুন অভিনেতা অভিনেত্ৰীৰ সৃষ্টি কৰিছিল। এইক্ষেত্ৰত ৰূপকোঁৱৰ ক'লা পৰিষদ ( ৰাণী) ,সুনাম( ঝাৰোবৰী), বহ্নিমান নাট্য গোষ্ঠী( শুৱালকুছি),উপৰহালী,নৱৰং নাট্য দ'ল ( কল্লাপাৰা) লগতে দক্ষিণ কামৰূপৰ কেবাটাও অপেছাদাৰী নাট্য দলত নাট পৰিচালনা কৰি সুনাম আনে। 

ভ্ৰাম্যমাণ থিয়েটাৰ " মুনষ্টাৰ থিয়েটাৰ ( হেঙেৰাবাৰী)আৰু আভিনৱ থিয়েটাৰ ( লক্ষীপুৰ, গোৱালপাৰা) ত নাট ৰচনা আৰু পৰিচালনা কৰে। দক্ষিণ কামৰূপৰ ভ্ৰাম্যমান বুলি পৰিচিতি থকা যাত্ৰা নাট্য দ'লৰ বাবেও তেওঁ নাট ৰচনা আৰু পৰিচালনা কৰি আহে। এইক্ষেত্ৰত দক্ষিণ কামৰূপ আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নাট্যদল ক্ৰমে শ্ৰীমাধৱ নাট্য দ'ল, সত্য সনাতন,যুগশ্ৰী, ৰূপালীম, ৰামধেনু, কৈলাশপতি, শকুন্তলা, বহ্নিমান, শ্ৰীগণেশ,শঙ্কৰজ্যোতি, শ্ৰীমন্ত শংকৰদেৱ,দেৱৰাজ, বশীগোপাল,মা উত্তৰা আদি নাট্য দলৰ বাবে নাট ৰচনা আৰু পৰিচালনা কৰি পৃথকে বঁটা,সম্বৰ্ধনা পাবলৈ সক্ষম হয়। 

এজন নাট্যকৰ্মী হিচাপে পৰিচিতি থকা চৌধুৰীয়ে ছয়গাঁও ৰাস মহোৎসৱৰ যাত্ৰা নাট প্ৰতিযোগিতাটো শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।বৰ্তমানেও তেওঁৰ কলম থমকি ৰোৱা নাই। গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ যোগেদি তেওঁ ৰচনা আৰু পৰিচালনা কৰা নাট বৰদৈচিলা,তাবিজ, আৰ্তনাদ আদি নাট প্ৰচাৰ হয়। তেওঁৰ প্ৰথম পূৰ্ণাঙ্গ নাটক বৰদৈচিলা বৰ্তমান ছপাশালত আছে। নাট্য জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৩ বৰ্ষত বিহগী মিডিয়া গ্ৰুপ, অসমে তেওঁক অপেছাদাৰী নাট্য দ'লৰ শ্ৰেষ্ঠ নাট্যকাৰ পৰিচালকৰ বঁটা আগবঢ়ায়। 

২০২৩ বৰ্ষত নাট্য ৰত্ন ৰামধেনু বঁটাও প্ৰদান কৰে। ২০১৯ বৰ্ষত ডিভাইন হেন্ভ ৱেলফেয়াৰ অৰ্গেনাইজশ্বনে বিষ্ণু ৰাভা দিৱসত( গুৱাহাটী প্ৰেছ ক্লাৱত) সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁ বৰ্তমান নাটৰ মাজেৰে গৈ অসমৰ সংস্কৃতিৰ পথাৰত থাকি নিজক প্ৰতিষ্ঠা কৰাৰ লগতে সংস্কৃতিৰ পথাৰখন জীপাল কৰাৰ বাবে সদায়েই চেষ্টা চলাই গৈছে। 

দক্ষিণ কামৰূপ