ডিজিটেল সংবাদ,গুৱাহাটী: আজি কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা -ৰাজ্যভাষা উপ-সমিতিৰ উদ্যোগত হৰদত্ত-বীৰদত্ত স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত দগাঁওস্থিত পদুম কুঁৱৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত ছাত্ৰ - ছাত্ৰীৰ মাজত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ ডেকাই।
স্মৃতি তৰ্পণ কৰে পদুম কুঁৱৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেম চন্দ্ৰ ডেকাই। বক্তৃতা প্ৰতিযোগিতা উদ্বোধন কৰে শিক্ষাবিদ হৰমোহন ডেকাই। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে শাখা সভাৰ সভাপতি হৰেশ্বৰ ডেকাই। সভাৰ সম্পাদক শশীন্দ্ৰ ডেকাই আত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা কবি, সাহিত্যিক দীপক শৰ্মাই মুখ্য অতিথি হিচাপে অংশ লৈ কয়- "আমি যি কাম কৰোঁ, সেইয়া অতি আন্তৰিকতাৰে কৰিব লাগে। ইতিবাচক চিন্তা, সুদূৰ প্ৰসাৰী লক্ষ্য থাকিলে সকলো কাম কৰিব পৰা যায়। ভূপেন হাজৰিকাৰ চিন্তা আছিল বিশ্বজনীন ।
গৌতম বুদ্ধ মানৱৰ পৰা ভগৱান হ'ল। সৎ চিন্তা, সৎ কৰ্ম কৰিলে মানুহৰ মনত সাঁচ বহুৱাৱ পাৰি।" সভাত বিশিষ্ট অতিথি হিচাপে কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা -ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হেমন্ত কুমাৰ, জিলা কাৰ্যনিৰ্বাহ সদস্য গগন ডেকাই অংশগ্ৰহণ কৰে। সভাত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমলেশ্বৰ চৌধুৰী, শংকৰদেৱ শিশু নিকেতন, কৰৈবাৰীৰ প্ৰধান আচাৰ্য ধৰণীধৰ ডেকা, ভোলাঝাৰ বঙ্গালীপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৱনেশ্বৰ গোস্বামী, শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰতাপ চন্দ্ৰ ডেকাই আলহি-অতিথি হিচাপে অংশ লয়।
বক্তৃতা প্ৰতিযোগিতাত 'ক' শাখাত প্ৰথম কৰিস্মিতা কলিতা (পদুম কুঁৱৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়), দ্বিতীয় প্ৰকৃতি ৰাণী চহৰীয়া( প কু বা উ মা বি ), তৃতীয় পূজা কলিতা (চৰিপুখুৰী মধ্য ইংৰাজী বিদ্যালয়, বৰহাটা) । 'খ' শাখাত প্ৰথম দীক্ষিতা কলিতা (শংকৰদেৱ শিশু নিকেতন, কৰৈবাৰী), দ্বিতীয় লগন বড়া (প কু বা উ মা বি), তৃতীয় যুটীয়াভাৱে হিৰকজ্যোতি দাস (ৰামানুজন একাডেমী, বাইহাটা চাৰিআলি) আৰু কৌস্তভ কুমাৰ চৌধুৰী(কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়)।