/asomiyapratidin/media/media_files/2026/01/20/cong-web-2026-01-20-17-38-43.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : আসন্ন ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য জ্যেষ্ঠ নেতা, সাংস্কৃতিক কৰ্মী,প্ৰাক্তন ছাত্ৰ নেতা দাদুল বৰকাকতীয়ে আবেদন দাখিল কৰে। শতাধিক দলীয় নেতাকৰ্মীক লগত লৈ মঙলবাৰে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আবেদন পত্ৰ দাখিল কৰে তেওঁ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-imag-2026-01-20-17-39-00.jpeg)
উল্লেখ্য যে নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা কংগ্ৰেছ নেতাকৰ্মীসকলে ৰাহুল গান্ধী জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ,দাদুল বৰকাকতী জিন্দাবাদ আৰু কংগ্ৰেছ জিন্দাবাদ ধ্বনিৰে ৰাজীৱ ভৱনৰ পৰিবেশ উত্তাল কৰি তোলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us