ডবকাত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ আমছুৰ

বাংলাদেশৰ একাংশ ৰাজনৈতিক নেতাৰ ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলবিৰোধী উচটনিমূলক মন্তব‍্য তথা বক্তব‍্য আগ বঢ়াই থকা কাৰ্য‍্যৰ বিৰুদ্ধে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ‍্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে হোজাই জিলা আমছুৱে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ হোজাই জিলা আমছু'ৰ উদ‍্যোগত ডবকাত দিনৰ ২বজাত বাংলাদেশৰ ধৰ্মীয় সংখ‍্যালঘু হিন্দু লোকৰ ওপৰত চলি থকা নিৰন্তৰ অত‍্যাচাৰ, নিপীড়ন আৰু গুৰুতৰ নিৰাপত্তাহীনতাৰ লগতে  বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ এজন যুৱকক কিছু মৌলবাদী চিন্তা দ্বাৰাৰ উগ্ৰবাদী লোকে নিৰ্মম বাবে প্ৰহাৰ কৰি গছত উলমাই গাত জুই লগাই হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহনা প্ৰদান কৰিছে। 

bde78377-f007-467b-8c7c-f373b6c9fd0c

বাংলাদেশৰ একাংশ ৰাজনৈতিক নেতাৰ ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলবিৰোধী উচটনিমূলক মন্তব‍্য তথা বক্তব‍্য আগ বঢ়াই থকা কাৰ্য‍্যৰ বিৰুদ্ধে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ‍্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে হোজাই জিলা আমছুৱে।

bde78377-f007-467b-8c7c-f373b6c9fd0c

জিলা আমছুৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন -জিলা সভাপতি কবিৰ আহমেদ লস্কৰৰ নেতৃত্বত ডবকা ৩৬ নং ৰাষ্ট্ৰীয় পথত হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে ৰেলী কৰি  মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰা পৰিলক্ষিত হয়৷

ডবকা