/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-21-44-21.jpg)
ডিজিটেল ডেস্কঃ সমাগত ২০২৬ বিধানসভা নিৰ্বাচন। নির্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। ইয়াৰ মাজতে বিজেপিৰ ভিতৰুৱা সংঘাতে ডবকাত সৃষ্টি কৰিছে তীব্ৰ উত্তেজনা। হোজাই জিলাৰ বিজেপিৰ যুৱ মৰ্চাৰ জিলা পৰ্যায়ৰ নেতা সিজুল হালদাৰক ৰডেৰে উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপন কৰিছে ডবকা নাগৰিক সমিতিৰ সভাপতি তথা হোজাই জিলা বিজেপিৰ যুৱ মৰ্চাৰ উপ-সভাপতি হিমাদ্ৰী চক্ৰৱৰ্তী ওৰফে শ্বৱম চক্ৰৱৰ্তীৰ বিৰুদ্ধে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-image-2026-01-30-21-46-42.jpeg)
প্ৰাপ্ত তথ্য অনুসৰি, সন্ধিয়া প্ৰায় সাত বজাত হিমাদ্ৰী চক্ৰৱৰ্তীৰ AS-31C-1114 নম্বৰৰ দহ চকীয়া ডাম্পাৰ এখন ডবকাৰ ঠেক ৰাস্তাৰে প্ৰৱেশ কৰাক লৈ স্থানীয় ৰাইজে আপত্তি কৰা পৰিলক্ষিত হৈছিল। সেই সময়তে ঘটনাস্থলীত উপস্থিত থকা সিজুল হালদাৰে গাড়ীখন কাৰ বুলি প্ৰশ্ন কৰে। অভিযোগ অনুসৰি, এই কথাত উত্তেজিত হৈ হিমাদ্ৰী চক্ৰৱৰ্তীয়ে হাতত থকা চোকা ৰডেৰে সিজুল হালদাৰৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰে।আক্ৰমণৰ ফলত সিজুল হালদাৰৰ মুখ, নাক আৰু চকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৰক্তাক্ত হয়। পাছত তৎক্ষণাৎ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যুৱকজনক।
উঊল্লেখ্য যে, ঘটনা সন্দৰ্ভত সিজুল হালদাৰে ডবকা থানাত এজাহাৰ দাখিল কৰে। এই ঘটনাক কেন্দ্ৰ কৰি ডবকাত চেপা উত্তেজনা বিৰাজ কৰিছে। আৰক্ষীৰ ভূমিকালৈ সৰ্বসাধাৰণ ৰাইজে তীক্ষ্ণ দৃষ্টিৰে চাই আছে। হিমাদ্ৰী চক্ৰৱৰ্তীৰ বিৰুদ্ধে পূৰ্বেও একাধিক মাৰপিট আৰু হিংসাত্মক ঘটনাৰ গোচৰ আদালতত বিচাৰাধীন হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। পূৰ্বে সাংবাদিক, আৰক্ষী আৰু বিভিন্ন চৰকাৰী বিষয়াক অপদস্ত কৰাৰো অভিযোগ উত্থাপিত হৈছে।এই ঘটনাই বিজেপিৰ ভিতৰুৱা শৃংখলা, দলীয় অনুশাসন আৰু নেতৃত্বৰ ভূমিকাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-21-48-32.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us