ডবকাত অসম জাতীয় পৰিষদৰ বিশাল যোগদান সভা অনুষ্ঠিত

সভাত ভাষণ প্ৰসংগত লুৰিণ জ্যোতি গগৈয়ে বিগত বিশ বছৰৰ শাসনৰ বাবে বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে , “আজমলে নিজে ধনী হৈ বিন্নাকান্দিৰ ৰাইজক দুখীয়া কৰিছে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ বিন্নাকান্দি সমষ্টিৰ আজমলৰ দুৰ্গ হিচাপে পৰিচিত ডবকাত আজি অসম জাতীয় পৰিষদৰ এক বৃহৎ যোগদান সভা অনুষ্ঠিত হৈ যায়। সভাখনত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত প্ৰাক্তন বিধায়ক খলিলুৰ ৰহমান চৌধুৰীৰ পুত্ৰ ৰেজাউল কৰিম চৌধুৰীয়ে বৃহৎ ৰেলীৰে AJP ত যোগদান কৰে।

এই যোগদান সমাৰোহত AJPৰ সভাপতি লুৰিণ জ্যোতি গগৈ, কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই, ৰাজু ফুকনসহ দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে। সভাত ভাষণ প্ৰসংগত লুৰিণ জ্যোতি গগৈয়ে বিগত বিশ বছৰৰ শাসনৰ বাবে বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে , “আজমলে নিজে ধনী হৈ বিন্নাকান্দিৰ ৰাইজক দুখীয়া কৰিছে। সাম্প্ৰদায়িক ৰাজনীতিৰ অন্ত পেলাবলৈ হ’লে বিন্নাকান্দিৰ পৰা আজমলক উৎখাত কৰিব লাগিব।” ২০২৬ৰ বিধানসভা নিৰ্বাচনত AIUDFৰ গৃহ সমষ্টিৰ পৰাই সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰাৰ ঘোষণা কৰে লুৰিণে।

WhatsApp Image 2025-12-30 at 7.02.51 PM (1)

হিন্দু–মুছলমান বিভাজনৰ ৰাজনীতিক নাকচ কৰি তেওঁ “শংকৰ–আজানৰ দেশ” প্ৰতিষ্ঠাৰ আহ্বান জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি লুৰিণ জ্যোতি গগৈয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জী অধ্যয়ন কৰিব লাগে। অসমীয়া সমাজ জীৱনত সদায়ে সমন্বয় আছিল আৰু থাকিব। অসম চুক্তিৰ ছয় নং দফা আজিও কাৰ্যকৰী নহ’ল, NRCৰো উন্নতি কৰিব নোৱাৰিলে হিমন্তই।” চাহ জনগোষ্ঠীক পুনৰ প্ৰতাৰণা কৰাৰ অভিযোগ তুলি লুৰিনে কয় যে কাৰ্বি আংলঙৰ ঘটনা সন্দৰ্ভত দেশৰ গৃহ মন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিব লাগিছিল। তুলিৰামক মুখ্যমন্ত্ৰীয়ে ‘ATM’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগো তেওঁ তোলে। লগতে কাৰ্বি সম্প্ৰদায়ৰ লোকক ‘গ’ বেগ দিয়াৰ আঁৰত বিজেপিৰ ভূমিকা আছে বুলি অভিযোগ কৰে। ইফালে, এলায়েন্স সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰিন জ্যোতি গগৈয়ে স্পষ্ট কৰি কয়, “আসন বুজাবুজি কেমেৰাৰ আগত নহয়, অফ কেমেৰাতহে হয়।”

সভাত ভাষণ প্ৰদান কৰি কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। তেওঁ অভিযোগ তোলে যে আজমলৰ বাবেই হিমন্তই গাদী দখল কৰিছে। উচ্চ বৰ্ণ–নিম্ন বৰ্ণ ৰাজনীতিক কেন্দ্ৰ কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। লগতে জুবিন গাৰ্গে ন্যায় নাপালে চৰকাৰ সলনি হ’লে পুনৰ গোচৰ তুলি ন্যায় প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে। যোগদান সভাত ভাষণ দি ৰেজাউল কৰিম চৌধুৰীয়ে অভিযোগ কৰে যে- বিন্নাকান্দি সমষ্টিত চাচাৰ নমিনি সকলে প্ৰায় ২৫ কোটি টকাৰ দুৰ্নীতি কৰিছে, যদিও বিধায়ক চিৰাজ উদ্দিন আজমল-বদৰুদ্দিন আজমল এতিয়ালৈকে তাৰ কোনো উত্তৰ দিয়া নাই। চৰকাৰী হাস্পতালৰ দুৰৱস্থা, ঔষধ বিতৰণৰ ব্যৰ্থতা আৰু বিধায়কৰ অনুপস্থিতিক লৈও তেওঁ কঠোৰ সমালোচনা কৰে।

WhatsApp Image 2025-12-30 at 7.02.51 PM

উল্লেখযোগ্য যে, এই বৃহৎ সভাত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমান নিজৰ গৃহ সমষ্টিত উপস্থিত নথকাৰ বিষয়টোৱে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমগ্ৰ সভাখনক কেন্দ্ৰ কৰি বিন্নাকান্দি সমষ্টিৰ ৰাজনীতিত নতুন গতি আহিছে বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে।

লুৰীণজ্যোতি গগৈ ডবকা