/asomiyapratidin/media/media_files/2025/09/03/dabaka-3-2025-09-03-20-07-54.jpg)
ডিজিটেল সংবাদ ডবকাঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ডবকা চহৰৰ পুলিচ পইণ্টৰ কাষতেই নিৰ্মাণ কাৰ্য চলি থকা ভূপেন হাজৰিকা স্মাৰক শিশু উদ্যানক লৈ আইনী জটিলতা সৃষ্টি হৈছে৷ নিৰ্মাণ কাৰ্য চলি থকা পট্টা নং ১৩২, দাগ নং ২০৬ ত থকা এডোখৰ ভূমিক লৈ আইনী টানাটানি আৰম্ভ হৈছে।
লক্ষ্মী নাৰায়ণ তোশনীৱাল, সীতাৰাম তোশনীৱাল আৰু শিৱ ভগৱান তোশনীৱাল নামৰ আবেদনকাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন (WP(C)৪৫১৬/২০২৫ )ত অভিযোগ কৰিছে যে, তেওঁ লোকৰ পূৰ্বপুৰুষৰ নামত থকা ৪ বিঘা ১৭ লোচা মাটিৰ সীমা নিৰ্ধাৰণ নকৰাকৈ শিশু উদ্যান নিৰ্মাণৰ নামত দখল কৰাৰ প্ৰচেষ্টা চলিছে।
আবেদনকাৰীৰ পক্ষৰ যুক্তি অনুসৰি, ওচৰৰ দাগ নং ২০৯ আৰু ২০১৩ দাগৰ চৰকাৰী খাচ ভূমি থকাৰ পাছতো ডবকা পৌৰসভাই উক্ত খাচ মাটি ব্যৱহাৰ নকৰি তেওঁলোকৰ ব্যক্তিগত মাটিত শিশু উদ্যান নিৰ্মাণ কৰিবলৈ পৌৰসভাই পদক্ষেপ লৈছে। এই বিষয়ে পূৰ্বে আবেদনকাৰীয়ে একাধিক আবেদন দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি ন্যায়ালয়ক অৱগত কৰিছে।
এই অভিযোগৰ ভিত্তিত ন্যায়াধীশ সঞ্জয় কুমাৰ মেডিহিয়ে হোজাই জিলা উপায়ুক্ত, ডবকা ৰাজহ চক্ৰ বিষয়া, ডবকা পৌৰসভাৰ সভানেত্ৰী, কাৰ্যবাহী বিষয়া, পৌৰসভাৰ মুখ্য সহায়ক সুজয় ভট্টাচাৰ্যক জাননী জাৰি কৰিছে৷ আদালতে সংশ্লিষ্ট বিষয়াসকললৈ অহা ৬ সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
লগতে পৰৱৰ্তী শুনানিৰ তাৰিখ ৮ ছেপ্তেম্বৰ ধাৰ্য কৰিছে৷ গোচৰটোত ন্যায়ালয়ে অন্তৱর্তীকালীন নিৰ্দেশ দি কৈছে যে শিশু উদ্যান নিৰ্মাণ কৰি থকা ভূমি যি অৱস্থাত আছে, সেই অৱস্থা আগন্তুক তাৰিখলৈ অক্ষুণ্ণ ৰাখিব লাগিব। তাৰ পিছতো ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কাৰ্য চলোৱাত যোৱা ২২ আগষ্টত জিলা আয়ুক্ত, লোক নিৰ্মাণ বিভাগকে ধৰি সংশ্লিষ্ট বিষয়া লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি কাম বন্ধ ৰাখিবলৈ পুনৰ আবেদন কৰে বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ২১ ছেপ্টেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা স্মাৰক শিশু উদ্যানৰ বাবে তদানীন্তন আয়ুক্ত লাচিত কুমাৰ দাসে আধাৰশিলা স্থাপন কৰিছিল৷ ডবকা পৌৰসভাই অসম চৰকাৰৰ ষষ্ঠ অসম ৰাজ্যিক বিত্তীয় আয়োগ আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰ জৰিয়তে এই উদ্যান নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল। উক্ত ভূমিক লৈ আইনী টানাটানিয়ে স্থানীয় ৰাইজৰ মাজতো নতুনকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।