/asomiyapratidin/media/media_files/2025/10/29/1-2025-10-29-13-24-52.jpg)
ডিজিটেল ডেস্কঃ ঘূৰ্ণীবতাহ মন্থাই যোৱা নিশা ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগেৰে অন্ধ্রপ্রদেশ আৰু য়ানম উপকূলৰ মাজৰ মছিলিপটনম আৰু কলিংগপট্রনমৰ ওপৰেৰে পাৰ হৈ যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে মঙলবাৰে সন্ধিয়া ৭ বজাত ঘূবতাহ মন্থাই অন্ধ্রপ্রদেশৰ কাকিনাৰাত খুন্দা মাৰে।
ইয়াৰ প্রভাৱত অন্ধ্রপ্রদেশত ধাৰাষাৰ বৰষুণ হোৱাৰ লগতে ৰাজ্যখনৰ ৪৩ হাজাৰ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰে। অন্ধ্রপ্ৰদেশ আৰু য়ানামৰ ঠায়ে ঠায়ে আজি পাতলিয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো ঠাইত প্রবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে।
সমান্তৰালকৈ কোনো অঞ্চলত ২০ চেন্টিমিটাৰ পর্যন্ত অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বিভাগটোৱে প্রকাশ কৰিছে। অন্ধ্রপ্রদেশৰ নেল্লোৰ জিলাত কালি এই ঘূর্ণীবতাহৰ প্রভাৱত সর্বাধিক পৰিমাণৰ বৃষ্টিপাত হয়।
ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে ৰাজ্যখনত মন্থাৰ প্রভাৱত বৃহৎ ক্ষতি হোৱা নাই যদিও সাৱধানতামূলক ব্যবস্থাসমূহ এতিয়াও জাৰি ৰখা হৈছে বুলি প্রকাশ কৰিছে। শ্রী মাঝিয়ে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ পৰা ঘূর্ণিবতাহৰ পিছৰ পৰিস্থিতিৰ বুজ লৈ ৰাজ্যখনৰ ঠায়ে ঠায়ে গছ-গছনি ভঙাৰ লগতে কম পৰিমাণে ভূমিস্খলন হোৱা বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us