ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱ : ওড়িশা-অন্ধ্ৰত বিস্তৰ ক্ষতি

ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱত উপকূলীয় আৰু দক্ষিণ ওড়িশা জিলাত প্ৰচণ্ড বৰষুণৰ ফলত গছ উভালি পৰে। লগতে ভূমিস্খলনৰ উপৰি বাসগৃহৰো ক্ষতিসাধন হয়

author-image
Asomiya Pratidin
New Update
72

ডিজিটেল ডেস্ক : ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱত উপকূলীয় আৰু দক্ষিণ ওড়িশা জিলাত প্ৰচণ্ড বৰষুণৰ ফলত গছ উভালি পৰে। লগতে ভূমিস্খলনৰ উপৰি বাসগৃহৰো ক্ষতিসাধন হয়। 

মন্থাৰ প্ৰভাৱত ওড়িশাৰ ১৫খন জিলাৰ স্বাভাৱিক জীৱন ক্ষতিগ্ৰস্ত হৈছে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা ভূমিস্খলন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি উল্লেখ কৰি কাকিনাদাৰ আশে-পাশে মাচিলিপট্টনম আৰু কলিংগপট্টনমৰ মাজত অন্ধ্ৰ প্ৰদেশৰ উপকূল পাৰ হ’ব বুলি জানিবলৈ দিয়ে ।

ইয়াৰ সৰ্বোচ্চ বতাহৰ গতিবেগ ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰপৰ্যন্ত গতিৰে পাৰ হ’ব । তীব্ৰ ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱত মঙলবাৰে অন্ধ্ৰাৰ নেল্লোৰ জিলাত সৰ্বাধিক বৰষুণ হোৱা পৰিলক্ষিত হয় । অন্ধ্ৰ প্ৰদেশৰ কাকিনাডাত সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা মন্থাৰ ভূমিস্খলন আৰম্ভ হোৱাত তিনি-চাৰি ঘণ্টা ধৰি এই প্ৰক্ৰিয়া চলি থাকে।

তাৰোপৰি অন্ধ্ৰ প্ৰদেশৰ ক’নাচিমা জিলাত প্ৰচণ্ড বতাহ আৰু বৰষুণৰ মাজতে গছৰ ডাল সৰি পৰাৰ ফলত এগৰাকী ৫০ বছৰীয়া মহিলাৰ মৃত্যু হয়।

অন্ধ্ৰপ্ৰদেশ