ভাৰতত প্ৰৱেশ ঘূৰ্ণীবতাহৰ দিতৱাহৰঃ শ্ৰীলংকাত মৃতকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি

আই এম ডিৰ শেহতীয়া তথ্য অনুসৰি, যোৱা ছয় ঘণ্টাত এই ঘূৰ্ণীবতাহে ঘণ্টাত প্ৰায় ৮ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে।

author-image
Asomiya Pratidin
New Update
AP WEB 2 (7)

ডিজিটেল ডেস্কঃ  শ্রীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰা ঘূৰ্ণীবতাহ দিতৱাহ দ্ৰুতগতিত ভাৰতৰ দক্ষিণ উপকূলৰ দিশে আগবাঢ়িছে।শ্রীলংকাত দিতৱাহৰ ফলত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যাতামিলনাডু-অন্ধ্ৰ প্ৰদেশ পাইছে। দেশখনৰ দুর্যোগ ব্যবস্থাপনা কেন্দ্রই প্রকাশ কৰা তথ্য অনুসৰি, দিতৱাহৰ ফলত এতিয়ালৈকে ৩৭০ জন লোক নিৰুদ্দেশ হৈ আছে।

লক্ষ্যণীয় যে, আই এম ডিৰ শেহতীয়া তথ্য অনুসৰি, যোৱা ছয় ঘণ্টাত এই ঘূৰ্ণীবতাহে ঘণ্টাত প্ৰায় ৮ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে। শনিবাৰে পুৱা দক্ষিণ-পশ্চিম বংগোপসাগৰ আৰু উত্তৰ শ্ৰীলংকাৰ ওপৰত অৱস্থান কৰিছিল।

দেওবাৰে পুৱা ঘূৰ্ণীবতাহে ভাৰতৰ দক্ষিণ উপকূলত উপস্থিত হোৱা ফলত তামিলনাডু-অন্ধ্ৰ প্ৰদেশৰ উপকূলত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয়। ফলস্বৰূপে তামিলনাডুৰ বিভিন্ন জিলাত ১৪টা এন ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে। তামিলনাডুত ঘূৰ্ণীবতাহৰ ফলত ইতিমধ্যে ৩ জন লোকৰ মৃত্যু হৈছে। 

তাৰোপৰি, চেন্নাইৰ মেৰিনা উপকুলত প্ৰচণ্ড বতাহ বলাৰ লগতে সাগৰত উচ্চ ঢৌ উঠিছে। মাছমৰীয়া সকলক ২ ডিচেম্বৰলৈকে বংগৰ পশ্চিম মধ্য উপসাগৰত বা অন্ধ্ৰ প্ৰদেশৰ উপকূলৰ আশে-পাশে আৰু ইয়াৰ কাষত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

তামিলনাডুত সৰ্বাধিক বৰষুণ হোৱা নগাপট্টিনাম জিলাত শনিবাৰৰ পৰা দেওবাৰৰ পুৱালৈ গড়ে ১২.২ চে.মি., মায়লাদুথুৰাই ১১.৭ চে.মি., তিৰুভাৰুৰ ৯.৬ চে.মি., আৰু থাঞ্জাভুৰ ৮.২ চে.মি. বৰষুণ হৈছে। দেওবাৰে পুৱাৰে পৰা বৰষুণৰ মাত্ৰা তীব্ৰভাৱে হ্ৰাস পায় কাৰণ ঘূৰ্ণীবতাহ দিটৱাই উত্তৰ দিশলৈ গতি অব্যাহত ৰাখিছে।

আনহাতে এই ঘূর্ণীবতাহৰ ফলত শ্রীলংকাত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন অব্যাহত থকাত বহুকেইখন জিলাৰ সংযোগ বিচ্ছিন্ন হৈ আছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে অধিক ক্ষতিগ্রস্ত অঞ্চলসমূহত হেলিকপ্টাৰ আৰু এন ডি আৰ এফৰ দল নিয়োগ কৰিছে।

ইপিনে শ্রীলংকাৰ ৰাষ্ট্রপতি অনুবা কুমাৰা দিছানায়কে দেশবাসীক উদ্ধাৰ আৰু সাহায্য অভিযান তীব্রতব কৰি তোলাৰ বাবে ব্যৱস্থা গ্রহণৰ আশ্বাস দিয়ে। দেশখনৰ বিভিন্ন স্থানত জৰুৰীকালীন আশ্রয় শিবিৰ স্থাপনৰ লগতে স্বেচ্ছাসেবী সকলে খাদ্য, ঔষধ আৰু খোৱাপানী বিতৰণ কৰিছে। শ্রীলংকা আৰু ভাৰতৰ বায়ুসেনাই মাভিল অৰু টেংক, কোটমালে আদি অঞ্চলৰ পৰা ২১১ জন লোকক উদ্ধাৰ কৰিছে।

অন্ধ্ৰপ্ৰদেশ