/asomiyapratidin/media/media_files/2025/12/03/1-2025-12-03-19-36-04.jpg)
ডিজিটেল ডেস্কঃ শ্রীলংকাত বৰ্তমানেও সাম কটা নাই ঘূৰ্ণীবতাহৰ প্ৰভাৱ। দেশখনত দিটৱাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এই পৰ্যন্ত ৪৭৪ লৈ বৃদ্ধি পাইছে। ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত হোৱা কেন্দি জিলাত সর্বাধিক ১১৮ জন লোকে প্রাণ হেৰুৱাইছে।
উল্লেখ্য যে, ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত দেশখনলৈ মানৱীয় সাহায্য আগবঢ়াইছে আৰু উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্তাৰ, জাহাজৰ উপৰি অন্য আহিলাপাতি নিয়োগ কৰিছে। আই এন এছ সুকন্যা নামৰ জাহাজৰ জৰিয়তে ত্রিংকোমালিলৈ যোগান ধৰা সামগ্ৰীসমূহ শ্রীলংকাৰ বায়ুসেনা বাহিনীৰ বিমানেৰে দেশখনৰ পূব প্ৰান্তৰ দূৰণিবতীয়া এলেকাসমূহলৈ লৈ যোৱা হৈছে।
ইয়াৰ উপৰি ভাৰতীয় উদ্ধাৰকাৰী দলে ভালেসংখ্যক লোকক নিৰাপদ স্থানলৈ আঁতৰাই আনিবলৈ সমৰ্থ হৈছে। পুত্তলমত নিয়োজিত ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনীৰ লোকে গৰ্ভৱতী মহিলা আৰু আহতকে ধৰি প্ৰায় ৮০০ গৰাকী আৱদ্ধ লোকক সুকলমে উদ্ধাৰ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us