/asomiyapratidin/media/media_files/2025/05/10/RFIyKqZizZ8PoRPZs0aq.jpg)
ডিজিটেল সংবাদ,মৈৰাবাৰী: মৈৰাবাৰীত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীটোৰ নাম আশ্বাদ উল্লাহ ওৰফে মুঞ্চি। বিগত বহু দিন ধৰি পলাতক হৈ আছিল আশ্বাদ উল্লাহ। মৈৰাবাৰী থানাত পঞ্জীয়ণ হৈ থকা 178/24 নম্বৰৰ গোচৰ সংক্ৰান্তত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আশ্বাদ উল্লাহক।
ধৃত চাইবাৰ অপৰাধীটোৱে আদিত্য বিৰলাকে আদি কৰি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা আধাৰ কাৰ্ড, পান কাৰ্ডৰ সহায়ত কেইবা কোটি টকা আত্মসাত কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰিছে । যোৱা নিশা মৈৰাবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰা চাইবাৰ অপৰাধীটো বৰ্তমান মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে।