/asomiyapratidin/media/media_files/2026/01/07/jhkhjkhjkhkj-2026-01-07-17-16-08.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী বড়ো সকলৰ লোক নৃত্য বাগৰুম্বাক সমগ্ৰ বিশ্বতে উদ্ভাসিত কৰি তোলাৰ বাবে অসম চৰকাৰে অহা ১৭ জানুৱাৰীত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সমূহীয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। প্ৰায় ৮ হেজাৰোধিক শিল্পীয়ে পৰিৱেশন কৰিব লগা বাগৰুম্বা দহৌ শীর্ষক নৃত্যানুষ্ঠানটিৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। শিল্পগ্ৰামত ইয়াৰ বাবে বিগত ৪জানুৱাৰীৰ পৰা ওজা প্ৰশিক্ষক সকলক এটি মিউজিক ট্ৰেকৰ সহায়ত প্ৰদান কৰা প্ৰশিক্ষণৰ অন্ত পৰিছে।
অন্তিম দিনা ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াই বিশেষজ্ঞ সমিতিৰ সদস্য সকলে বিগত দিনকেইটাত ওজা প্ৰশিক্ষক সকলক প্ৰদান কৰা প্ৰশিক্ষণৰ এক পৰ্যালোচনা কৰে। উল্লেখ্য যে, ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰা ৩৭৯ গৰাকী ওজা প্ৰশিক্ষকে ৰাজ্যৰ ২৩খন জিলালৈ গৈ সৰুসজাইৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা নৃত্যশিল্পী সকলক ৮, ৯ আৰু ১০ জানুৱাৰীলৈ প্ৰশিক্ষণ প্ৰদান কৰিব।
সাংস্কৃতিক মন্ত্রী বড়াই তেওঁলোকৰ ওপৰতে সমগ্ৰ অনুষ্ঠানটোৰ সফলতা নিৰ্ভৰ কৰা বুলি উল্লেখ কৰি ওজা প্ৰশিক্ষক সকলক ইয়াৰ পিছত নিজ নিজ জিলালৈ গৈ মন প্ৰাণ ঢালি নৃত্যশিল্পী সকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে আহ্বান জনায়। লগতে মন্ত্ৰী বড়াই বিহু বিনন্দীয়া, ঝুমইৰ বিনন্দিনীৰ দৰে বাগৰুম্বা দহৌ অনুষ্ঠানটিকো সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়।
উল্লেখযোগ্য যে, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ মৃত্যু তিথি অৰ্থাৎ অহা ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰে সংগতি ৰাখি বিভিন্ন জিলাৰ পৰা অহা বড়ো জনগোষ্ঠীয় শিল্পীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইত সমূহীয়া ভাৱে বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বা পৰিৱেশন কৰিব। সৰুসজাইত ১৭ জানুৱাৰীত অনুষ্ঠিত হবলগীয়া সমূহীয়া বাগৰুম্বা নৃত্যৰ এই প্ৰদৰ্শন যাতে সূচাৰূপে অনুষ্ঠিত হয় তাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী গৰাকীয়ে প্ৰশিক্ষক, বিশেষজ্ঞ সকলৰ লগতে সাংস্কৃতিক বিভাগৰ বিষয়া সকলকো আহ্বান জনায়।
ইয়াৰ পিছত সাংবাদিক সকলৰ আগত বাগৰুম্বা নৃত্য প্ৰদৰ্শন সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীগৰাকীয়ে প্ৰকাশ কৰে যে, এই নৃত্য চূড়ান্ত ভাৱে প্ৰদৰ্শনৰ পূৰ্বে এটা ভিডিঅ' ট্ৰেকৰ সহায়ত এই ওজা প্ৰশিক্ষক সকলে ৰাজ্যৰ ২৩ খন জিলালৈ গৈ ৮,৯ আৰু ১০ জানুৱাৰীত মূল অনুষ্ঠানত অংশ গ্ৰহণ কৰিব লগা শিল্পী সকলক প্ৰশিক্ষণ প্ৰদান কৰিব। এই প্ৰশিক্ষণ প্ৰদানৰ পাছত শিল্পী সকলক সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত পৰ্যায়ত নৃত্য প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ লৈ অহা হ'ব ১১জানুৱাৰীত। সৰুসজাই ষ্টেডিয়ামত ১২,১৩,১৪ আৰু ১৫ জানুৱাৰী তাৰিখে শিল্পী সকলে অনুশীলনত অংশগ্ৰহণ কৰিব। ১৬ জানুৱাৰীত চূড়ান্ত অনুশীলন অনুষ্ঠিত হ'ব।
খাম, চিফুং,চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্রৰ তালে তালে বড়ো ডেকা-গাভৰু সকলে ১৭ জানুৱাৰীৰ সন্ধিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ইতিহাস সৃষ্টি কৰিব লগা সমূহীয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। পাঞ্জাবাৰীৰ শিল্পগ্ৰামত সাস্কৃতিক মন্ত্ৰীৰ আজিৰ পৰ্যালোচনাৰ সময় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক মন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি সাংস্কৃতিক বিভাগৰ ভালে সংখ্যক বিষয়া উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us