হাজোৰ অভয়পুৰৰ আলিকাষত খাৰুৱা তেল নিৰ্গমণঃ কৃষিভূমিৰ বিস্তৰ ক্ষতি

অভয়পুৰৰ আলিকাষৰ খেতি পথাৰখনৰ তলেৰে গৈছে কেইবাডালো খাৰুৱা তেলৰ পাইপ। তাৰেই এডাল পাইপ ফুটি পুৱতি নিশাৰে পৰা নিৰ্গত হৈছে হাজাৰ হাজাৰ লিটাৰ খাৰুৱা তেল।

author-image
Asomiya Pratidin
New Update
tryrtweawddsds

ডিজিটেল সংবাদ, হাজোঃ পুহমহীয়া কুঁৱলিৰ মাজতে হাজোৰ অভয়পুৰৰ আলিকাষত পুৱাই দোৰাদৌৰি লাগিল স্থানীয় ৰাইজৰ। আলিকাষৰ খেতি পথাৰলৈ পুৱাৰ কুঁৱলিৰ আস্বাদন ফালি সুমাই গৈছে শ শ লোক। সকলোৰে হাতে হাতে খালী বটল, বাল্টি, ড্ৰাম। কিন্তু প্ৰচণ্ড শীতকো নেওচি কিয় এনেদৰে খেতি পথাৰখনত ভিৰ কৰিছে এইসকল লোকে !

Capturegrtgrtrytytrgr

আচলতে, অভয়পুৰৰ আলিকাষৰ খেতি পথাৰখনৰ তলেৰে গৈছে কেইবাডালো খাৰুৱা তেলৰ পাইপ। তাৰেই এডাল পাইপ ফুটি পুৱতি নিশাৰে পৰা নিৰ্গত হৈছে হাজাৰ হাজাৰ লিটাৰ খাৰুৱা তেল। খাৰুৱা তেলেৰে ভৰি পৰিছে খেতি পথাৰখন। সেই খবৰ পাই তেল নিবলৈ যিয়ে যি পাই হাতে হাতে লৈ কেৱল দৌৰিছে সেই স্থানলৈ। সকলোৱে মোনা ভৰাই লৈছে ফ্ৰী' খাৰুৱা তেল।

Capturegrgrgtrt

স্থানীয় লোকৰ সন্দেহ পুৱতি নিশা অহা ভূমিকম্পই ফুটাই পেলালে সাৰুৱা তেলৰ পাইপডাল। ইয়াৰ পাছতে খবৰ কৰা কৰা হ'ল বিভাগীয় কৰ্তৃপক্ষৰ লগতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক। কিছু সময় পিছত ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হৈ মেৰামতি কৰিলে ফুঁটা পাইপ ডাল।

হাজো