ঝাৰখণ্ডত শ্বহীদ হ'ল মহেন্দ্ৰ লস্কৰঃ গুৰুতৰভাৱে আহত দুজন জোৱান

ঝাৰখণ্ডত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা আইইডি বিস্ফোৰণত অসমৰ এজন চি আৰ পি এফ জোৱান শ্বহীদ হয়। ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত শুকুৰবাৰে নিশা সংঘটিত হয় আইইডি বিস্ফোৰণটো।

author-image
Asomiya Pratidin
New Update
new ap web 2

ডিজিটেল সংবাদ, কামপুৰঃ ঝাৰখণ্ডত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা আইইডি বিস্ফোৰণত অসমৰ এজন চি আৰ পি এফ জোৱান শ্বহীদ হয়। ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত শুকুৰবাৰে নিশা সংঘটিত হয় আইইডি বিস্ফোৰণটো। সেই বিস্ফোৰণত নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাঁৱৰ তথা CRPFৰ ৬০ নম্বৰ বেটেলিয়নৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত মহেন্দ্ৰ লস্কৰ নামৰ জোৱানজন চিকিৎসাধীন অৱস্থাত শ্বহীদ হয়।

বীৰ জোৱানজনে শুকুৰবাৰে নিশা প্ৰায় ১১/১২ জনীয়া ৬০ বেটেলিয়ানৰ দল এটাৰ সৈতে তহল দি আগবাঢ়ি গৈ থাকোতেই এই বিস্ফোৰণটো সংঘটিত হয় বুলি আজি তেওঁৰ কামপুৰৰ বাসগৃহলৈ খবৰ আহে। এই বিস্ফোৰণত মহেন্দ্ৰ লস্কৰ নিহত হোৱাৰ লগতে আন জোৱানসকল আহত হয় বুলি জানিব পৰা গৈছে । 

দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ কোনো কালে নভবা খবৰটো অহাৰ পিছত কান্দোনত ভাঙি পৰিছে মাতৃ, পত্নী, সন্তানৰ লগতে সমগ্ৰ পৰিয়াল। শ্বহীদ বীৰগৰাকীৰ বিয়োগৰ খবৰটোৱে তেওঁৰ আপোন গাওঁখনৰ উপৰি সমগ্ৰ কামপুৰতে শোকৰ ছাঁ পৰিছে। 

উল্লেখ্য যে, সেই ঠাইত আইইডি বিস্ফোৰণ হৈছিল বুলি চিকিৎসাধীন মহেন্দ্ৰ লস্কৰে ফোনযোগ পত্নীক জনাইছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয়তে তেওঁ মৃত্যুক সাৱটি লয়।

 বৰ্তমান তেওঁৰ মৃতদেহ ৰাঁচীলৈ অনা হৈছে, য’ত মৰণোত্তৰ পৰীক্ষাৰ পিছত চি আৰ পি এফ শিবিৰত তেওঁক চূড়ান্ত চেলুট প্ৰদান কৰা হ’ব। কাইলৈ পুৱাৰ ভাগত আহি পাব বুলি জানিব পৰা গৈছে। বীৰ জোৱান জনৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে।

ঝাৰখণ্ড